অসম

assam

ETV Bharat / bharat

ৰামদেৱ, পতঞ্জলীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ দাবী

পাঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ অধিবক্তা সুখবিন্দৰ সিং নাৰাই হাৰিয়ানাৰ আৰক্ষী মহানিৰ্দেশক গৰাকীলৈ পত্ৰ প্ৰেৰণ কৰে ৷ যোগ গুৰু ৰামদেৱ,পতঞ্জলী আৰু পতঞ্জলীৰ মুখ্য কাৰ্যবাহী বিষয়া আচাৰ্য বালকৃষ্ণাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ দাবী জনায় সিঙে ৷

By

Published : Jun 24, 2020, 2:27 PM IST

যোগ গুৰু ৰামদেৱ, পতঞ্জলী আৰু পতঞ্জলীৰ মুখ্য কাৰ্যবাহী বিষয়া আচাৰ্য বালকৃষ্ণা
ৰামদেৱ, পতঞ্জলীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ দাবী

নেশ্যনেল ডেস্ক, 24 জুন : মঙলবাৰে উচ্চ ন্যায়ালয়ৰ এজন অধিবক্তাই হাৰিয়ানা আৰক্ষীলৈ এখন পত্ৰ প্ৰেৰণৰ জৰিয়তে যোগ গুৰু ৰামদেৱ আৰু তেওঁৰ কোম্পানী পতঞ্জলীৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিবলৈ দাবী জনায় ৷ কোনো অনুমোদন নোহোৱাকৈয়ে 'Coronil and Swasari' মেডিচিন কিটৰ বিজ্ঞাপন কৰা বাবে গোচৰ ৰুজু কৰিবলৈ দাবী জনাই অধিবক্তাজনে ৷

ৰামদেৱ, পতঞ্জলীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ দাবী

পাঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ অধিবক্তা সুখবিন্দৰ সিং নাৰাই হাৰিয়ানাৰ আৰক্ষী মহানিৰ্দেশক গৰাকীলৈ পত্ৰ প্ৰেৰণ কৰে ৷ যোগ গুৰু ৰামদেৱ, পতঞ্জলী আৰু পতঞ্জলীৰ মুখ্য কাৰ্যবাহী বিষয়া আচাৰ্য বালকৃষ্ণাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ দাবী জনায় সিঙে ৷

সিঙে কয় যে, Disaster Management Act, 2005 and Epidemic Diseases Act, 1897 ত উল্লেখ থকা অনুসৰি সংশ্লিষ্ট প্ৰশাসনৰ অনুমোদন অবিহনে এনে বিজ্ঞাপন প্ৰকাশ কৰাটো অনুচিত ৷ সিঙে কয় যে, ৰামদেৱ আৰু বালকৃষ্ণা আৰু কোম্পানীয়ে আইনৰ উলংঘা কৰিছে ৷

অধিবক্তা গৰাকীয়ে লগতে সকলোকে আহ্বান জনাই যে, চৰকাৰে অনুমোদন নকৰা পৰ্যন্ত কোনো লোকে এই ঔষধ গ্ৰহণ কৰা অনুচিত ৷

উল্লেখ্য যে, 23 জুনৰ দিনা ৰামদেৱৰ হাৰ্বেল মেডিচিন কোম্পানী পতঞ্জলী আয়ুৰ্বেদে দাবী কৰিছিল যে, তেওঁলোকে 7 দিনত কৰ'ণা ভাইৰাছৰ পৰা আৰোগ্য কৰিব পৰা ঔষধৰ উদ্ভাৱন কৰিছে ৷ COVID-19 আক্ৰান্ত ৰোগীৰ ক্লিনিকেল ট্ৰায়েলত এই ঔষধে 100 শতাংশ ভাল ফলাফল দেখুৱাবলৈ সক্ষম হোৱা বুলিও ৰামদেৱে দাবী কৰিছিল ৷

আৰু পঢ়ক : COVID নিগেটিভ ৰূপজ্যোতি কুৰ্মীৰঃ দৰা-কইনাৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা নল'বলৈ আহ্বান

ABOUT THE AUTHOR

...view details