নিউজ ডেস্ক, ৪ জানুৱাৰী: ক্ষতিপূৰণৰ দাবীত উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ মুৰাদনগৰত ৫৮ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে দেওবাৰৰ ঘটনাত মৃত্যু হোৱা লোকৰ পৰিয়াল আৰু স্থানীয় ৰাইজে । দেওবাৰে মুৰাদনগৰত শেষকৃত্য অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সময়তে ছাদ খহি ২৫ জন লোকে প্ৰাণ হেৰুৱায় আৰু ২০ জনকৈ লোক গুৰুতৰভাৱে আহত হয় । ধাৰাসাৰ বৰষুণত তিতাৰ পৰা ৰক্ষা পৰিবলৈ প্ৰায় ৫০ জন লোকে নতুনকৈ নিৰ্মাণ কৰা কৰিড'ৰ ভিতৰত আশ্ৰয় লৈছিল ।
আকস্মিকভাৱে কৰিড'ৰৰ ছাদ খহি পৰে। এই ঘটনাৰ পিছতে ৰাজ্য চৰকাৰে মৃতকৰ পৰিয়ালৈ ক্ষতিপূৰণ হিচাপে ২ লাখকৈ টকা আগবঢ়োৱাৰ কথা ঘোষণা কৰে । কিন্তু চৰকাৰৰ এই সিদ্ধান্তত অসন্তুষ্টি প্ৰকাশ কৰি মৃতকৰ পৰিয়ালে ক্ষতিপূৰণৰ ধন ১০ লাখ টকালৈ বৃদ্ধি কৰিবলৈ দাবী জনাই ৫৮ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে । আত্মীয়ই ৰাজপথতে ৪টাকৈ মৃতদেহ থৈ ক্ষতিপূৰণ বৃ্দ্ধিৰ দাবী জনায় । পথ অৱৰোধৰ ফলত ৰাজপথত যানজঁটৰ সৃষ্টি হয় ।