নিউজ ডেস্ক, 13 অক্টোবৰ : মহামাৰী কৰ'ণা ভাইৰাছৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপ্ৰতিয়ে অংশগ্ৰহণ কৰিবলগীয়া আইকনিক ৰেড ফ্ৰন্টদিল্লীৰ সবাতকৈ ডাঙৰ 'ৰামলীলা' উৎসৱ চলিত বৰ্ষত মহামাৰী ক'ভিড-19 ৰ বাবে অনুষ্ঠিত নহয় ৷ উল্লেখ্য যে, বিগত 80 বছৰৰ পৰা অনুষ্ঠিত হৈ অহা উৎসৱটো প্ৰথমবাৰৰ বাবে চলিত বৰ্ষত অনুষ্ঠিত নহ'ব ৷
চলিত বৰ্ষত অনুষ্ঠিত নহয় দেশৰ ৰাজধানীৰ সবাতকৈ ডাঙৰ উৎসৱ 'ৰামলীলা'
দিল্লী চৰকাৰৰ ক'ভিড-19 ৰ সন্দৰ্ভত নতুন নিৰ্দেশনা ৷ ৰাজধানীৰ ৰামলীলা উৎসৱ অনুষ্ঠিত নহয় চলিত বৰ্ষত ৷
চলিত বৰ্ষত অনুষ্ঠিত নহয় ৰাজধানীৰ সবাতকৈ ডাঙৰ উৎসৱ 'ৰামলীলা'
অনুষ্ঠানটোৰ আয়োজক সমিতিৰ ফালৰ পৰা জনাই যে, 'Archaeological Survey of India' নামৰ সংস্থাটোৱে উৎসৱটো আয়োজন কৰাৰ বাবে অনুমতি দিয়া নাই । আনহাতে, ৰামলীলা উৎসৱটোৰ বাবে মাত্ৰ 7 দিন বাকী থকাৰ সময়তে দিল্লী চৰকাৰে নিৰ্ধাৰণ কৰা ক'ভিড-19 ৰ নীতি-নিয়ম অনুসৰিও উৎসৱটো অনুষ্ঠিত কৰাটো সম্ভৱপৰ নহয় বুলি উল্লেখ কৰে আয়োজক সমিতিয়ে ৷
লগতে পঢ়ক :শিল্পীসকল ৰাজনীতিৰ পৰা মুক্ত থকাটো সকলোৰে বাবে মঙ্গলঃ ৰমেন্দ্ৰ নাৰায়ণ কলিতা