অসম

assam

ETV Bharat / bharat

দেশৰ প্ৰথম প্লাষ্টিকমুক্ত বিমানবন্দৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ - চিআইই-আইটিচি চিইএছডি

নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰে দেশৰ ভিতৰতে প্ৰথম প্লাষ্টিকমুক্ত বিমানবন্দৰ হিচাপে খ্যাতি লাভ কৰে ৷ 2019 চনত বিমানবন্দৰটোৱে গ্ৰহণ কৰা একক-ব্যৱহৃত প্লাষ্টিকমুক্ত বিমানবন্দৰ পৰিসৰ কাৰ্যসূচীৰ দ্বাৰাই এই খ্যাতি লাভ কৰে বিমানবন্দৰটোৱে ৷

Delhi's IGI Airport becomes first single-use plastic-free airport of India
দেশৰ প্ৰথম প্লাষ্টিকমুক্ত বিমানবন্দৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ

By

Published : Feb 18, 2020, 10:14 PM IST

নিউজ ডেস্ক, 18 ফেব্ৰুৱাৰী :জিএমআৰৰ দ্বাৰা পৰিচালিত দিল্লী ইন্টাৰনেশ্বনেল এয়াৰপৰ্ট লিমিটেডে ঘোষণা কৰে যে, দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ দেশৰ ভিতৰতে প্ৰথমটো প্লাষ্টিকমুক্ত বিমানবন্দৰত পৰিনত হৈছে ৷ দেশৰ ভিতৰতে এইদৰে একক-ব্যৱহৃত প্লাষ্টিকমুক্ত বিমানবন্দৰত পৰিগণিত হোৱা দিল্লী বিমানবন্দৰেই হৈছে প্ৰথমটো বিমানবন্দৰ ৷

চিআইই-আইটিচি চিইএছডি (The Confederation of Indian Industry-ITC Centre of Excellence for Sustainable Development) সংস্থাই দিল্লী ইন্টাৰনেশ্বনেল এয়াৰপৰ্ট লিমিটেডক ইন্দিৰা গান্ধী বিমানবন্দৰত একক-ব্যৱহৃত প্লাষ্টিকমুক্ত কৰি ৰখাৰ বাবে এইদৰে প্ৰমাণপত্ৰ প্ৰদান কৰে ৷

দিল্লী ইন্টাৰনেশ্বনেল এয়াৰপৰ্ট লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া বিদেহ কুমাৰ জয়পুৰিয়াৰে এই কথা প্ৰকাশ কৰি, 2022ৰ ভিতৰত প্ৰধানমন্ত্ৰীৰ একক-ব্যৱহৃত প্লাষ্টিকমুক্ত ভাৰতবৰ্ষ নীতিৰ অধীনত দিল্লী বিমানবন্দৰক এইদৰে একক-ব্যৱহৃত প্লাষ্টিকমুক্ত কৰি তোলাৰ ওপৰত কাম কৰাৰ লগতে পৰিৱেশ সংৰক্ষণৰ ওপৰত কাম কৰি আহিছে বুলি জনায় ৷

2018 চনৰ পৰিৱেশ দিৱসৰ দিনটোত গ্ৰহণ কৰা 'Beat Plastic Pollution' নীতিৰ অধীনত দিল্লী বিমানবন্দৰে 2019 চনতে দেশৰ ভিতৰত প্ৰথমটো একক-ব্যৱহৃত প্লাষ্টিক মুক্ত বিমানবন্দৰ হিচাপে গঢ় দিয়াৰ প্ৰকল্প হাতত লয় ৷ প্লাষ্টিক আৱৰ্জনাৰ পৰিৱৰ্তে পৰিৱেশ অনুকূল বহনক্ষম বিকল্প ব্যৱহাৰত অধিক গুৰুত্ব প্ৰদান কৰি আহিছে দিল্লী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰে ৷

ABOUT THE AUTHOR

...view details