অসম

assam

By

Published : Feb 3, 2020, 2:34 PM IST

ETV Bharat / bharat

দিল্লীৰ কেইবাটাও অঞ্চলত ভয়াবহ ৰূপত নিম্নগামী বায়ুৰ গুণাগুণ

কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে প্ৰকাশ কৰা তথ্য অনুসৰি আৰ কে পুৰমত বায়ু গুণাগুণ সূচী 236(নিম্নতম) হিচাপে নথিভূক্ত কৰা হৈছে, সমান্তৰালকৈ লোধী ৰোডত 200(মধ্যম), ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ কাষত 243(নিম্নতম),আনন্দ বিহাৰত 294(নিম্নতম) ৷

Delhi's air turns 'poor' in several areas
দিল্লীৰ কেইবাটাও অঞ্চলত ভয়াবহ ৰূপত নিম্নগামী বায়ুৰ গুণাগুণ

নেশ্বনেল ডেক্স,3 ফেব্ৰুৱাৰীঃদিল্লীৰ আৰ কে পুৰম, আনন্দ বিহাৰ আৰু অশোক বিহাৰ আদিৰ দৰে কেইবাটাও অঞ্চলত বায়ুৰ গুণ ভয়াবহ ৰূপত নিম্নগামী হৈ গৈ আছে ৷ বায়ুৰ গুণাগুণ, বতৰৰ আগজাননী আৰু গৱেষণা কেন্দ্ৰই (SAFAR) প্ৰকাশ কৰিছে এই কথা ৷ আনহতে, কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে প্ৰকাশ কৰা তথ্য অনুসৰি আৰ কে পুৰমত বায়ু গুণাগুণ সূচী 236(নিম্নতম) হিচাপে নথিভূক্ত কৰা হৈছে, সমান্তৰালকৈ লোধী ৰোডত 200(মধ্যম), ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ কাষত 243(নিম্নতম), আনন্দ বিহাৰত 294(নিম্নতম) ৷

দেওবাৰে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই অনুমান কৰে যে, বতৰৰ গুণাগুণ সোমবাৰলৈকে নিম্নতম হৈ থকাৰ বিপৰীতে মঙলবাৰলৈকে সমান্যৰূপে সলনি হ’ব যদিও নিম্নতম হৈয়ে থাকিব ৷ "পাঞ্জাৱ,হাৰিয়ানা,চণ্ডীগড়,দিল্লীৰ বিচ্ছিন্ন অঞ্চলসমূহত বৰ্তমান শীতৰ প্ৰভাৱ আৰু ঘন কুৱলি 4ৰ্থ নিশাৰ পৰা হ্ৰাস পাব" আই এম ডি(IMD)এ ইয়াৰ বতৰ বুলেটিনত প্ৰকাশ কৰে ৷

উল্লেখ্য যে, 0-50ৰ মাজৰ বায়ু গুণাগুণ সূচীক ভাল হিচাপে বিবেচনা কৰা হয়, 51-100 সন্তোষজনক, 101-200ক মধ্যম, 201-300ক নিম্ন,301-400ক অতি নিম্ন, 401-500ক মাৰাত্মক হিচাপে চিহ্নিত কৰা হয় ৷ শনিবাৰে সাফদাৰজং অঞ্চলৰৰ সৰ্ব্বনিম্ন তাপমাত্ৰা 5.4 ডিগ্ৰী চেলচিয়াছ আছিল ৷

লগতে পঢ়ক-অৰ্থনৈতিক মন্দাৱস্থাই সৃষ্টি কৰা ভয়াৱহতাঃ বাজেট লক্ষ্যত উপনীত নহ’ল মূল চাৰিটা কৰ, কৰ্প’ৰেট কৰ ডাঙৰ ভুক্তভোগী

ABOUT THE AUTHOR

...view details