অসম

assam

ETV Bharat / bharat

'মধ্যম' আৰু 'বেয়া' শ্ৰেণীত আছে দিল্লীৰ বায়ুৰ গুণগত মানৰ সূচাংক - ছিষ্টেম অৱ এয়াৰ কোৱালিটি

ছিষ্টেম অৱ এয়াৰ কোৱালিটি এণ্ড ৱেদাৰ ফ'ৰকাষ্টিং এণ্ড ৰিচাৰ্চৰ মতে, বৰ্তমান দিল্লীৰ বায়ুৰ গুণগত মানৰ সূচাংক ১৩২। আনন্দ বিহাৰত ২০৩, নেহৰু নগৰ আৰু আৰ কে পুৰমত বায়ুৰ গুণগত মানৰ সূচাংক ক্ৰমে ২২৭ আৰু ২১৭। সকলোতে বায়ুৰ গুণগত মানৰ সূচাংক 'বেয়া' শ্ৰেণীৰ ভিতৰতে আছে। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে প্ৰকাশ কৰা তথ্য অনুসৰি, লোধী ৰোডত বায়ুৰ গুণগত মানৰ সূচাংক ১০২ হৈছেগৈ।

'মধ্যম' আৰু 'বেয়া' শ্ৰেণীত আছে দিল্লীৰ বায়ুৰ গুণগত মানৰ সূচাংক
'মধ্যম' আৰু 'বেয়া' শ্ৰেণীত আছে দিল্লীৰ বায়ুৰ গুণগত মানৰ সূচাংক

By

Published : Nov 18, 2020, 1:09 PM IST

নেশ্যনেল ডেস্ক, ১৮ নৱেম্বৰ: ভয়াৱহ প্ৰদূষণৰ মাজতে দিন অতিবাহিত কৰিবলগীয়া হৈছে দিল্লীবাসীয়ে। বায়ুৰ গুণগত মানৰ সূচাংক 'মধ্যম' আৰু 'বেয়া' শ্ৰেণীৰ মাজত থকাৰ তথ্য প্ৰকাশিত হৈছে। বুধবাৰে ৰাজধানী চহৰখনত বায়ুৰ গুণগত মানৰ সূচাংক ১৩২ হৈছে বুলি জানিবলৈ দিছে ছিষ্টেম অৱ এয়াৰ কোৱালিটি এণ্ড ৱেদাৰ ফ'ৰকাষ্টিং এণ্ড ৰিচাৰ্চে। 'বেয়া' শ্ৰেণীত তালিকাভুক্ত কৰা হৈছে আনন্দ বিহাৰ, নেহৰু নগৰ আৰু আৰ কে পুৰমৰ বায়ুৰ গুণগত মান ।

আনন্দ বিহাৰত ২০৩, নেহৰু নগৰত ২২৭ আৰু আৰ কে পুৰমত ২১৭ হৈছেগৈ বায়ুৰ গুণগত মানৰ সূচাংক । কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে প্ৰকাশ কৰা তথ্য অনুসৰি, লোধী ৰোডত বায়ুৰ গুণগত মানৰ সূচাংক ১০২ বুলি পঞ্জীয়ন কৰা হৈছে । স্থানীয় লোকৰ মতে, ডাঠ ধোঁৱাই আৱৰি ধৰিছিল সমগ্ৰ অঞ্চল আৰু চকুত পোৰণি আৰম্ভ হৈছিল । কিন্তু বৰষুণৰ পিছতে ধোঁৱা আঁতৰি যায় । বুধবাৰে পুনৰ একে পৰিস্থিতিৰ সৃষ্টি হয় । ডাঠ ধোঁৱাৰ আচ্ছাদনে আৱৰি ধৰে দিল্লী ।

প্ৰদূষণ ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰে স্থায়ী ব্যৱস্থা কৰা প্ৰয়োজন বুলি মত প্ৰকাশ কৰে স্থানীয় বাসিন্দাই । ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে দীপাৱলীৰ পূৰ্বেই আতচবাজি ব্যৱহাৰৰ ক্ষেত্ৰত নিৰ্দেশনা জাৰি কৰাৰ পিছতো ৰাজধানী চহৰখনত ফটকা ফুটাই প্ৰদূষক সৃষ্টিত এচাম লোকে অৰিহণা যোগোৱা দেখা গৈছিল ।

উল্লেখ্য যে, বায়ুৰ গুণগত মানৰ সূচাংক ০-৫০ৰ ভিতৰত থাকিলে ভাল, ৫১-১০০ৰ ভিতৰত সন্তোষজনক, ১০১-২০০ৰ ভিতৰত মধ্যম, ২০১-৩০০ৰ ভিতৰত বেয়া, ৩০১-৪০০ৰ ভিতৰত বহুত বেয়া আৰু ৪০১-৫০০ৰ ভিতৰত থাকিলে জটিল পৰিস্থিতি বুলি গণ্য কৰা হয় । দিল্লী চৰকাৰে সোমবাৰে দিল্লীত বায়ু প্ৰদূষণ ৰোধৰ বাবে 'ৰেড লাইট অন গাড়ী অফ' শীৰ্ষক সজাগতামূলক অভিযানৰ দ্বিতীয় সংস্কৰণ আৰম্ভ কৰে ।

লগতে পঢ়ক:তামিলনাডুত বিৰল ঘটনা : পোহনীয়া জন্তুৰ প্ৰতি গৰাকীৰ অফুৰন্ত মৰম

ABOUT THE AUTHOR

...view details