অসম

assam

ETV Bharat / bharat

দিল্লীত ক্ৰমাৎ হ্ৰাস পাইছে প্ৰদূষণৰ মাত্ৰা - WEDNESDAY

দিল্লী প্ৰদূষণ নিয়ন্ত্ৰণ সমিতিৰ তথ্য অনুসৰি ৰাষ্ট্ৰীয় ৰাজধানীত বায়ুৰ গুণগত মানৰ সূচাংক বুধবাৰে 'বেয়া' শ্ৰেণীত আছে। দিল্লীত ক্ৰমাৎ প্ৰদূষণৰ মাত্ৰা হ্ৰাস হোৱা পৰিলক্ষিত হ'লেও সেয়া ক্ষন্তেক সময়ৰ বাবেহে হোৱাৰ আশংকা কৰিছে প্ৰদূষণ নিয়ন্ত্ৰণ সমিতিয়ে।

দিল্লীত ক্ৰমাৎ হ্ৰাস পাইছে প্ৰদূষণৰ মাত্ৰা
দিল্লীত ক্ৰমাৎ হ্ৰাস পাইছে প্ৰদূষণৰ মাত্ৰা

By

Published : Oct 28, 2020, 5:13 PM IST

নেশ্যনেল ডেস্ক, ২৮ অক্টোবৰ: দিল্লীত বুধবাৰে প্ৰদূষণৰ মাত্ৰা নিম্নগামী হৈছে। বতাহৰ গতিবেগ বৃদ্ধি পোৱাৰ বাবে প্ৰদূষণ হোৱা বুলি ধাৰণা কৰাৰ লগতে এই সকাহ ক্ষন্তেকীয়া হোৱাৰ আশংকা কৰিছে দিল্লী প্ৰদূষণ নিয়ন্ত্ৰণ সমিতিয়ে। পুৱা ১০ বজাত ৰাজধানী চহৰখনত বায়ুৰ গুণগত মানৰ সূচাংক ২৮১ আছিল আৰু ইয়াক সূচাংকৰ 'বেয়া' শ্ৰেণীত তালিকাভুক্ত কৰা হৈছে। ইয়াৰ পূৰ্বে বিগত ৫ দিন ধৰি বায়ুৰ গুণগত মানৰ সূচাংক 'বহুত বেয়া' শ্ৰেণীত আছিল।

মঙলবাৰে দিল্লীত বায়ুৰ গুণগত মানৰ সূচাংক আছিল ৩১২, সোমবাৰে ৩৫২, দেওবাৰে ৩৪৯, শনিবাৰে ৩৪৫ আৰু শুক্ৰবাৰে ৩৬৬ আছিল। বায়ুৰ গুণগত মানৰ সূচাংক ০-৫০ৰ ভিতৰত থাকিলে ভাল, ৫১-১০০ৰ ভিতৰত সন্তোষজনক, ১০১-২০০ৰ ভিতৰত মধ্যম, ২০১-৩০০ৰ ভিতৰত বেয়া, ৩০১-৪০০ৰ ভিতৰত বহুত বেয়া আৰু ৪০১-৫০০ৰ ভিতৰত থাকিলে জটিল পৰিস্থিতি বুলি গণ্য কৰা হয়।

ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ এগৰাকী জ্যেষ্ঠ বিজ্ঞানীয়ে প্ৰকাশ কৰিছে যে, 'বতাহৰ অনুকুল গতিয়ে মঙলবাৰে সন্ধিয়া প্ৰদূষণ হ্ৰাস কৰাত সহায় কৰিছে। বতাহৰ গতিবেগ হ্ৰাস হ'লে পুনৰ প্ৰদূষক জমা হ'ব আৰু বায়ুৰ গুণগত মানৰ সূচাংক নিম্নগামী হ'ব। বৃহস্পতিবাৰলৈকে সূচাংক 'বহুত বেয়া' শ্ৰেণীলৈ গতি কৰাৰ সম্ভাৱনা আছে। 'পৃথিৱী বিজ্ঞান বিভাগ মন্ত্ৰালয়ৰ বায়ুৰ মান পৰ্যবেক্ষকৰ মতে, দিল্লীৰ পি এম ২.৫ ঘনত্বত জ্বলা জাবৰৰ অংশ মঙলবাৰে ২৩ শতাংশ বৃদ্ধি পায় আৰু এয়া এইবাৰৰ আটাইতকৈ বেছি অংশ। সোমবাৰে এই পৰিমাণ ১৬ শতাংশ, দেওবাৰে ১৯ শতাংশ আৰু শনিবাৰে ৯ শতাংশ আছিল।

পঞ্জাৱ, হাৰিয়ানা আৰু আশে-পাশে থকা অঞ্চলত মঙলবাৰে খেতিপথাৰৰ জুইৰ পৰা প্ৰদূষক কঢিয়াই অনা বতাহৰ গতিবেগ আৰু দিশ অনুকুল আছিল। কাষৰীয়া ৰাজ্যৰ খেতিপথাৰত লগা জুয়ে সোমবাৰে ১,৯৪৩ৰ সংখ্যা স্পৰ্শ কৰে বুলি প্ৰকাশ কৰে SAFARই। ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ মতে, বতাহৰ গতি উত্তৰ-পশ্চিমৰ দিশে আছিল আৰু প্ৰতি ঘণ্টাত বতাহৰ গতিবেগ ৪ কিলোমিটাৰ আছিল। নূন্যতম তাপমান ১৩.৮ ডিগ্ৰী ছেলছিয়াছ পোৱা গৈছিল।

SAFARৰ মতে, বায়ুৰ গুণগত মানৰ সূচাংকত বুধবাৰে কিছু পৰিৱৰ্তন দেখা গৈছে। কিন্তু প্ৰদূষণৰ মাত্ৰা বৃহস্পতিবাৰে পুনৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা অধিক। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ সমিতিয়ে সতৰ্ক বাণী জাৰি কৰিছে যে, দিল্লীৰ বায়ুৰ মানৰ সূচাংক ৩১ অক্টোবৰলৈকে 'বহুত বেয়া' শ্ৰেণীৰ মাজত থাকিব।

লগতে পঢ়ক:কৰ'ণাত আক্ৰান্ত কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠাৱালে

ABOUT THE AUTHOR

...view details