অসম

assam

ETV Bharat / bharat

নিজ স্বামীক হত্যা কৰি আৰক্ষীৰ জালত দিল্লীৰ মহিলা

বৃহস্পতিবাৰে দিল্লীত নিজ স্বামীক হত্যা কৰাৰ অভিযোগত ৰজনী নামৰ এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে উত্তৰ প্ৰদেশৰ বাঘপত আৰক্ষীয়ে । মহিলাগৰাকীয়ে মৃত স্বামী বিকাশ সিঙৰ অন্য ৩ গৰাকী পত্নীৰ সৈতে সম্পত্তিৰ ভাগ-বতৰা কৰিব বিচৰা নাছিল । অভিযুক্ত মহিলাগৰাকী প্ৰথমগৰাকী পত্নী বুলি জানিব পৰা গৈছে ।

By

Published : Jun 26, 2020, 1:39 PM IST

নিজ স্বামীক হত্যা কৰি আৰক্ষীৰ জালত দিল্লীৰ মহিলা
নিজ স্বামীক হত্যা কৰি আৰক্ষীৰ জালত দিল্লীৰ মহিলা

নেশ্যনেল ডেস্ক, ২৬ জুন : উত্তৰ প্ৰদেশৰ বাঘপত আৰক্ষীয়ে বৃহস্পতিবাৰে দিল্লীৰ নিজ স্বামীক হত্যা কৰাৰ অভিযোগত এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে সদৰী কৰা মতে, মহিলাগৰাকীয়ে মৃত স্বামী বিকাশ সিঙৰ অন্য ৩ গৰাকী পত্নীৰ সৈতে সম্পত্তিৰ ভাগ-বতৰা কৰিব বিচৰা নাছিল । অভিযুক্ত মহিলাগৰাকী প্ৰথমগৰাকী পত্নী বুলি জানিব পৰা গৈছে ।

নিজ স্বামীক হত্যা কৰি আৰক্ষীৰ জালত দিল্লীৰ মহিলা

বাঘপত থানাৰ আৰক্ষী অধীক্ষক অজয় কুমাৰ সিঙে সদৰী কৰা মতে, ‘’ৰজনী নামৰ মহিলাগৰাকীয়ে স্বামীক হত্যা কৰিবলৈ কণ্ট্ৰেক্ট কীলাৰ সুধীৰ সিঙক ৬ লাখ টকা দিছিল । সুধীৰে এই কামৰ বাবে অন্য ৩ জন স্থানীয় যুৱককো নিয়োগ কৰিছিল । মহিলাগৰাকীৰ স্বামীৰ হত্যাকাণ্ডৰ সৈতে জড়িত সুধীৰ আৰু ৰোহিত সিং সহ ৩ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰা হয় । আনহাতে, হত্যাকাৰী শচীন সিং আৰু ৰবি সিং বৰ্তমানো পলাতক অৱস্থাত আছে ।''

বিকাশ সিঙে দিল্লীৰ এটা এজেন্সিৰ স্বত্বাধিকাৰ আছিল আৰু কিছুদিন পূৰ্বে নিজ গাঁও বাঘপতলৈ আহিছিল । ১৯ জুন তাৰিখে বিকাশ সিঙক গুলিয়াই হত্যা কৰা হয় । পত্নী ৰজনী সন্তানৰ ভৱিষ্যতৰ কথা ভাবি চিন্তিত হৈ পৰিছিল । স্বামী বিকাশ সিঙে তেওঁৰ সৈতে বিবাহ বিচ্ছেদ কৰিব আৰু আন ৩ গৰাকী পত্নীৰ সৈতে সম্পত্তিৰ ভাগ-বতৰা কৰিব বুলি মনলৈ অনা শংকাৰ পিছতে হত্যা কৰা হয় স্বামী বিকাশ সিঙক । বাঘপত আৰক্ষীয়ে জানিবলৈ দিয়ে এই কথা ।

লগতে পঢ়ক : কলগাছিয়াত কৃত্ৰিম বানৰ তাণ্ডৱ

ABOUT THE AUTHOR

...view details