নিউজ ডেস্ক, 14 মাৰ্চ:শুকুৰবাৰে শ্বাহিনবাগৰ এগৰাকী মহিলাই পূৰ্বোত্তৰ দিল্লীত সংঘটিত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষৰ নিৰপেক্ষ তদন্তৰ লগতে ভুক্তভোগীক 1 কোটি টকাৰ জৰিমনা দিয়াৰ দাবী উত্থাপন কৰিছে ৷ এক সংবাদমেল যোগে মহিলাগৰাকীয়ে দাবী উত্থাপন কৰাৰ লগতে এই সন্দৰ্ভত তদন্ত হ’ব লাগে যে, কেনেকৈ উত্তৰ প্ৰদেশৰ পৰা দিল্লীলৈ আহিল বহু লোক ৷ সেয়েহে জাফৰাবাদ,শিৱ বিহাৰ আৰু মৌজপুৰৰ হিংসাত্মক ঘটনাৰ সঠিক তদন্তৰ দাবী উত্থাপন কৰিছে মহিলাগৰাকীয়ে ৷
উল্লেখ্য যে, 24 ফেব্ৰুৱাৰীত পূৰ্বোত্তৰ দিল্লীত সংঘটিত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষ 26 ফেব্ৰুৱাৰীলৈও অব্যাহত আছিল ৷ য’ত অতি কমেও 53 লোকৰ মৃত্যু হোৱাৰ বিপৰীতে 200 ত কৈ অত্যাধিক লোক আঘাতপ্ৰাপ্ত হৈছিল ৷ আনহাতে বহু সা-সম্পত্তিৰ নষ্ট হৈছিল ৷ নাগৰিকত্ব সংশোধনী আইন,ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু ৰাষ্ট্ৰীয় জনসংখ্যাপঞ্জী প্ৰতিবাদ আৰু জামিয়া মিলিয়া ইছলামিয়াত পুলিছৰ কাৰ্যব্যৱস্থাই বৰ্তমান 90 দিনত ভৰি দিছে বুলি উল্লেখ কৰে ৷