নেশ্যনেল ডেস্ক, 29 ফেব্ৰুৱাৰীঃ দিল্লী হিংসাত্মক সংঘৰ্ষৰ বাবে 25 ফেব্ৰুৱাৰীৰ পৰা সন্ধানহীন হৈ থকা এগৰাকী যুৱকৰ অৱশেষত সন্ধান ওলাল জিটিবি হাস্পতালৰ মৰ্গত ৷ পৰিয়ালৰ লোকে দিল্লীৰ বিভিন্ন হাস্পতালত অনুসন্ধান চলাই আছিল 22 বছৰীয়া মনীষ নামৰ যুৱকজনৰ ৷ মনীষৰ মাতৃয়ে মৰ্গত মৃতদেহটো চিনাক্ত কৰে ৷
উল্লেখ্য যে, যুৱকজনৰ সম্বন্ধীয় ইব্ৰাহিমে প্ৰকাশ কৰা অনুসৰি মনীষে নিজৰ মাতৃক লগ কৰাৰ উদ্দেশ্যে বাদলীলৈ গৈছিল আৰু তেওঁ নিজৰ শ্ৰমিক হিচাপে কৰ্মস্থলী মুস্তাফাবাদলৈ ঘূৰি আহিছিল ৷ লগতে তেওঁ কয় যে, ঘূৰি অহাৰ সময়ত দিনৰ 3.30 বজাত হিংসাজৰ্জৰ যমুনা বিহাৰ অঞ্চলত আছিল আৰু ইব্ৰাহিমে ভাবিছিল যে সুৰক্ষিতভাৱে ঘৰ পাইছিল ৷ কিন্তু প্ৰকৃততে যুৱকজন ঘৰ গৈ নাপালেগৈ আৰু তেওঁৰ ফোনটোও বন্ধ হৈ আছিল ৷
আনহাতে ইব্ৰাহিমে মনীষক বিচাৰি এইমছকে ধৰি মুঠ 7খন হাস্পতালৰ লগতে আৰক্ষী চকীতো এজাহাৰ দাখিল বুলি প্ৰকাশ কৰে ৷
অৱশেষত দিল্লীৰ জিটিবি হাস্পতালক মৰ্গত উদ্ধাৰ কৰা হয় যুৱকজনৰ মৃতদেহ ৷