অসম

assam

ETV Bharat / bharat

কোভিড-১৯ পৰীক্ষাৰ বাবে দিল্লীয়ে লাভ কৰিব ৰেণ্ডম টেষ্টিং কিট - কোভিড ১৯

ৰাজধানী চহৰখনত কোভিড-১৯ৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত দিল্লীত অনুষ্ঠিত হোৱা বৈঠকত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰে এই সিদ্ধান্ত। লগতে, এই মহামাৰীৰ বিৰুদ্ধে যুঁজ দিবলৈ কেন্দ্ৰীয় চৰকাৰে সকলো ধৰণৰ সহায় আগবঢ়াৱ বুলি গৃহমন্ত্ৰী অমিত শ্বাহে আশ্বাস দিয়ে।

Delhi
Delhi to receive random testing kits to enhance COVID-19 testing

By

Published : Jun 14, 2020, 3:54 PM IST

নিউজ ডেস্ক, ১৪ জুনঃ ৰাজধানী চহৰ দিল্লীয়ে কোভিড-১৯ পৰীক্ষাৰ বাৰে শীঘ্ৰে লাভ কৰিব ৰেণ্ডম টেষ্টিং কিট। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয় আৰু কেন্দ্ৰীয় চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলে গ্ৰহণ কৰিছে এই সিদ্ধান্ত । দিল্লীত কোভিড-১৯ পৰীক্ষণ ব্য়ৱস্থা খৰটকীয়া কৰিবৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ নেতৃবৃন্দই ।

কোভিড-১৯ পৰীক্ষাৰ বাবে দিল্লীয়ে লাভ কৰিব ৰেণ্ডম টেষ্টিং কিট

ৰাজধানী চহৰখনত কোভিড-১৯ৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত লেফটেনেণ্ট গৱৰ্ণৰ অনিল বাইজাল, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু দিল্লী ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ বিষয়াৰ সৈতে কেন্দ্ৰীয় নেতৃবৃন্দৰ আলোচনাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় । কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এই পৰ্যালোচনা বৈঠকত উপস্থিত থাকে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, স্বাস্থ্যমন্ত্ৰী হৰ্ষ বৰ্ধন, কেন্দ্ৰীয় গৃহ বিভাগৰ সম্পাদক অজিত ভাল্লা, দিল্লী এইমছৰ সঞ্চালক ডঃ ৰণদ্বীপ গুলেৰিয়া, নিতি আয়োগৰ জ্যেষ্ঠ বিষয়া আদিকে ধৰি বহুকেইগৰাকী কেন্দ্ৰীয় মন্ত্ৰী ।

৭৫ মিনিটজোৰা এই প্ৰথম পৰ্যায়ৰ পৰ্যালোচনা বৈঠক ইতিমধ্যে অন্ত পৰিছে। সন্ধিয়া ৫ বজাৰ পৰা পুনৰ দিল্লীৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত দ্বিতীয় পৰ্যায়ৰ বৈঠক আৰম্ভ হ'ব। এই বৈঠকত ৰাজধানী চহৰখনত মহামাৰী কোভিড-১৯ ৰ সংক্ৰমন ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে সকলো ধৰণৰ সহায় আগবঢ়াব বুলি গৃহমন্ত্ৰী অমিত শ্বাহে আশ্বাস দিয়ে।

লগতে :গুজৰাটত আঠজন কংগ্ৰেছী বিধায়কৰ পদত্যাগ

ABOUT THE AUTHOR

...view details