নতুন দিল্লী, 6 এপ্ৰিলঃ দিল্লী চৰকাৰে দৰিদ্ৰ লোক সকলক বিনামূলীয়াকৈ ৰেচনৰ যোগান ধৰাৰ কথা ঘোষণা কৰাৰ পিচত ৰেচন কাৰ্ড নথকা দুখীয়া লোকসকলকো খাদ্যসামগ্ৰী যোগানৰ বাবে যাৱতীয়া ব্যৱস্থা গ্ৰহণ কৰিছে। যি সকল লোকৰ ৰেচন কাৰ্ড নাই তেওঁলোকৰ বাবে ই-কুপন মুকলিৰ যো-জা সম্পূৰ্ণ কৰিছে চৰকাৰে।
দিল্লীত দৰিদ্ৰক খাদ্যযোগানৰ বাবে ই-কুপনৰ ব্যৱস্থা - ই-কুপন
দিল্লীৰ কেজিৰৱাল চৰকাৰে ৰেচন কাৰ্ড নথকা দৰিদ্ৰলোকসকলক খাদ্যৰ যোগানৰ বাবে লৈছে ব্যৱস্থা । তেওঁলোকক বনামূলীয়া খাদ্য যোগানৰ বাবে প্ৰচলন কৰিছে ই- কুপন ।
![দিল্লীত দৰিদ্ৰক খাদ্যযোগানৰ বাবে ই-কুপনৰ ব্যৱস্থা দিল্লীত দৰিদ্ৰক খাদ্যযোগানৰ বাবে ই-কুপনৰ ব্যৱস্থা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6675656-955-6675656-1586104084494.jpg)
সংবাদ মাধ্যমক খাদ্য আৰু যোগান বিভাগৰ এগৰকী বিষয়াই এই কথা অৱগত কৰি কয় যে, চলিত সপ্তাহৰ মাজভাগৰ পৰাই ই-কুপনৰ জৰিয়তে খাদ্যসামগ্ৰী বিতৰণ কৰা হ'ব ।
ই-কুপন প্ৰস্তুত হোৱাৰ পিচত হিতাধিকাৰিলৈ তেওঁ পঞ্জীয়ন কৰা নম্বৰত এক এচ এম এচৰ জৰিয়তে বাৰ্তা যাব । এই বাৰ্তাত থকা লিংক ক্লিক কৰি ই-কুপন ডাউনলোড কৰিব পাৰিব । তাৰ পিচত তেওঁ ই-কুপন আৰু আধাৰ কাৰ্ডৰ সৈতে সাহায্য কেন্দ্ৰলৈ আহি খাদ্যসামগ্ৰী লৈ যাব লাগিব । উল্লেখ্য যে, লক ডাউনৰ পিচৰ পৰা বৰ্তমানলৈ প্ৰায় 71 লাখ লোকক ৰাজহুৱা বিতৰণ ব্য়ৱস্থাৰে বিনামূলীয়াকৈ খাদ্যৰ যোগান ধৰা হৈছে ।