অসম

assam

By

Published : Jan 28, 2021, 8:53 PM IST

ETV Bharat / bharat

কৃষক বিদ্ৰোহঃ ৯টা গোচৰৰ তদন্ত কৰিব দিল্লী আৰক্ষীৰ অপৰাধ শাখাই

গণৰাজ্য দিৱসৰ দিনা দিল্লীত কৃষকে ট্ৰেক্টৰ ৰেলী উলিওৱাৰ সময়ত সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত ২৫টা গোচৰ ৰুজু কৰা হৈছিল । ইয়াৰ ভিতৰত ৯টা গোচৰ সন্দৰ্ভত তদন্ত কৰিব দিল্লী আৰক্ষীৰ অপৰাধ শাখাই ।

কৃষক বিদ্ৰোহঃ ৯টা গোচৰৰ তদন্ত কৰিব দিল্লী আৰক্ষীৰ অপৰাধ শাখাই
কৃষক বিদ্ৰোহঃ ৯টা গোচৰৰ তদন্ত কৰিব দিল্লী আৰক্ষীৰ অপৰাধ শাখাই

নেশ্যনেল ডেস্ক, ২৮ জানুৱাৰী: যোৱা ২৬ জানুৱাৰীত কৃষকৰ প্ৰতিবাদী কাৰ্যসূচীৰ সময়ত সংঘটিত হোৱা ঘটনা সন্দৰ্ভত ৰুজু কৰা ৯টা গোচৰৰ তদন্ত কৰিব দিল্লী আৰক্ষীৰ অপৰাধ শাখাই । গণৰাজ্য দিৱসৰ দিনা দিল্লীত কৃষকে ট্ৰেক্টৰ ৰেলী উলিওৱাৰ সময়ত সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত ২৫টা গোচৰ ৰুজু কৰা হৈছিল । ইয়াৰে ৯টা গোচৰৰ তদন্ত দিল্লী আৰক্ষীৰ অপৰাধ শাখাই কৰিব বুলি প্ৰকাশ কৰিছে দিল্লী আৰক্ষীয়ে । বৃহস্পতিবাৰে আৰক্ষীৰ মুখ্য কাৰ্যালয়ত দিল্লীৰ আৰক্ষী আয়ুক্ত এছ এন শ্ৰীবাস্তৱে আৰক্ষীৰ বিশেষ আয়ুক্ত আৰু আন জ্যেষ্ঠ আৰক্ষী বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয় ।

এক সূত্ৰই প্ৰকাশ কৰা মতে, চিচি টিভি ফুটেজ আৰু প্ৰত্যক্ষদৰ্শীৰ ভাষ্যৰ ওপৰত ভিত্তি কৰি অভিযুক্তক তাৎক্ষণিকভাৱে আটক কৰিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে । লগতে পঞ্জাৱী অভিনেতা দীপ সিন্ধু আৰু লালকিল্লাত নিয়ম উলংঘা কৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা অভিযুক্তক কৰায়ত্ত কৰাৰো নিৰ্দেশ দিয়া হৈছে । গণৰাজ্য দিৱসৰ দিনা ট্ৰেক্টৰ ৰেলীৰ সময়ত সংঘটিত হোৱা হিংসাত্মক ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এতিয়ালৈকে ১৯ জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰু ২৫টা অপৰাধজনিত গোচৰ ৰুজু কৰা হৈছে বুলি বুধবাৰে আৰক্ষী আয়ুক্ত এছ এন শ্ৰীবাস্তৱে জনাইছিল ।

উক্ত ঘটনাত ৩৯৪ জন আৰক্ষী বিষয়া আহত হৈছিল আৰু এতিয়াও বহু কেইজন চিকিৎসালয়তে আছে । প্ৰতিবাদৰ সময়ত বহু ব্যক্তিগত আৰু ৰাজহুৱা সম্পত্তিৰ ক্ষতিসাধন হৈছিল । উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা ৩ খন কৃষি আইনৰ বিৰুদ্ধে কৃষকে দিল্লীৰ সীমান্তৰ কেইবাটাও স্থানত বিগত বৰ্ষৰ ২৬ নৱেম্বৰৰ পৰা প্ৰতিবাদ অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:যোধপুৰ আই আই টিৰ চেনিটাইজেচন মেচিন উদ্ভাৱন

ABOUT THE AUTHOR

...view details