নেশ্যনেল ডেস্ক, 9 ডিচেম্বৰ: ৰাষ্ট্ৰপতি ভৱনলৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ চেষ্টা চলোৱা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীক বিশ্ববিদ্যালয়ৰ চৌহদতে আবদ্ধ কৰি ৰাখে সুৰক্ষা বাহিনীয়ে ৷ কিন্তু ইয়াৰ পাচতো ছাত্ৰ-ছাত্ৰীসকলে সুৰক্ষা বাহিনীক সৈমান কৰি প্ৰতিবাদী কাৰ্যসূচী আগবঢ়াই নিয়াৰ চেষ্টা কৰিছিল ৷
হোষ্টেলৰ মাছুল হ্ৰাস কৰাৰ তেওঁলোকৰ দাবী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অগ্ৰাহ্য কৰাৰ ফলত ছাত্ৰ একতা সভাই বিশ্ববিদ্যালয়ৰ পৰা ৰাষ্ট্ৰপতি ভৱনলৈ এক প্ৰতিবাদী কাৰ্যসূচীৰ আয়োজন কৰিছিল ৷ প্ৰতিবাদ সাব্যস্ত কৰিব নোৱাৰিলেও ৰাষ্ট্ৰপতিলৈ ই-মেইলৰ জৰিয়তে এখন পত্ৰ প্ৰেৰণ কৰে ছাত্ৰ একতা সভাই ৷ প্ৰস্তাৱিত মাছুল হ্ৰাস কৰা,উপাচাৰ্যৰ পদত্যাগ আৰু যিসকল ছাত্ৰৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল তেওঁলোকৰ গোচৰ প্ৰত্যাহাৰ আদিৰ বিষয়ে পত্ৰখনত উল্লেখ কৰা হয় ৷