অসম

assam

ETV Bharat / bharat

প্ৰতিবাদত উত্তপ্ত দিল্লী: আহত 86 গৰাকী আৰক্ষী

মংগলবাৰৰ দিনটোত কৃষকৰ প্ৰতিবাদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় দিল্লীৰ ৰাজপথ ৷ প্ৰতিবাদৰ সময়ত কৃষক আৰু আৰক্ষীৰ মাজত হোৱা হতাহতিত গুৰুতৰভাৱে আহত হয় 86গৰাকীকৈ আৰক্ষী ৷ প্ৰতিবাদকাৰী সকলে সামাজিক আৰু ৰাজহুৱা বহু সম্পত্তি ক্ষতি কৰাৰ বাবে কৃষক প্ৰতিবাদকাৰীৰ ওপৰত ৰুজু কৰা হয় চাৰিটাকৈ গোচৰ ৷

প্ৰতিবাদত উত্তপ্ত দিল্লী:আহত 86গৰাকী আৰক্ষী
প্ৰতিবাদত উত্তপ্ত দিল্লী:আহত 86গৰাকী আৰক্ষী

By

Published : Jan 27, 2021, 8:46 AM IST

Updated : Jan 27, 2021, 9:19 AM IST

নিউজ ডেস্ক,27জানুৱাৰী : 72 সংখ্যক গণতন্ত্ৰ দিৱসৰ দিনাই দিল্লীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ গণৰাজ্য দিৱস উপলক্ষে দিল্লীৰ এফালে বৰ্ণাঢ্য় কাৰ্যসূচীৰ আয়োজন কৰা হয় যদিও আনফালে দিল্লীৰ ৰাজপথ কপাই তোলে হাজাৰ-হাজাৰ কৃষক প্ৰতিবাদকাৰীয়ে ৷

উল্লেখ্য যে,মংগলবাৰৰ দিনটোত বহু হাজাৰ কৃষকে টেক্টৰ ৰেলীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে দিল্লীৰ ৰাজপথত ৷ কৃষক আইনৰ বিৰোধিতাত সাব্যস্ত কৰা এই প্ৰতিবাদত অংশগ্ৰহণ কৰে দেশৰ বহু কৃষক প্ৰতিবাদকাৰীয়ে ৷ এই প্ৰতিবাদৰ বাবে দিল্লীত সৃষ্টি হয় হিসাংত্মক পৰিস্থিতিৰ ৷ সংযু্ক্ত কিষান মৰ্চা আৰু দিল্লী আৰক্ষীৰ মাজত প্ৰতিবাদৰ বাবে সৃষ্টি হয় হতাহতিৰো ৷ প্ৰতিবাদকাৰী সকলে বহু বাহন ভাঙি দিয়াৰ লগতে প্ৰতিবাদৰ সময়ত নিয়ম উলংঘন কৰাও দেখিবলৈ পোৱা যায় ৷ ইফালে,প্ৰতিবাদকাৰীৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত হয় 86 গৰাকী আৰক্ষী কৰ্মীও ৷ প্ৰতিবাদৰ আৰম্ভণিৰ পৰাই আৰক্ষী আৰু কৃষকসকলৰ মাজত সংঘাত সৃষ্টি হোৱা পৰিলক্ষিত হয় ৷ প্ৰাপ্ত খবৰ অনুসৰি,মংগলবাৰৰ দিনটোত অধিক হিসাংত্মক হৈ পৰে মুকাৰবা চক, গাজিপুৰ, আইটিঅ' এ-পইণ্ট , সীমাপুৰী, নাংলোই টি-পইণ্ট, টিকৰি সীমান্ত আৰু ৰেড ফৰ্ট এলেকা ৷

অন্য এক খবৰৰ বাবে:বদৰপুৰৰ বিধায়ক জামাল উদ্দিন আহমেদৰ দেহাৱসান

দিল্লী আৰক্ষীয়ে এক বিজ্ঞপ্তিত প্ৰকাশ কৰা অনুসৰি,বৰ্তমানলৈকে আৰক্ষী আৰু কৃষক প্ৰতিবাদকাৰীৰ মাজত হোৱা হতাহতিত 86গৰাকী আৰক্ষীৰ লোক আহত হয় ৷ ইফালে,দংগাই এলেকাত প্ৰতিবাদকাৰীৰ অত্যাধিক ভিৰ হয় আৰু প্ৰতিবাদকাৰীয়ে সামাজিক আৰু ৰাজহুৱা সম্পত্তিও নষ্ট কৰে বুলি জানিব পৰা গৈছে ৷ দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, সংযুক্ত কিষান মৰ্চাই বিভিন্ন কৃষক সংগঠনৰ লগত মিলি 2021 চনৰ 26জানুৱাৰীৰ গণতন্ত্ৰ দিৱসৰ দিনা বিশাল টেক্টৰ ৰেলীৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ সিদ্ধান্ত লৈছিল ৷ এই প্ৰতিবাদ সন্দৰ্ভত সংযুক্ত কিষান মৰ্চাই দিল্লী আৰক্ষীৰ সৈতেও বৈঠকত মিলিত হৈছিল ৷ বৈঠকত কৃষক প্ৰতিবাদকাৰীসকলে টেক্টৰ ৰেলীৰ সময়ত শান্তিপূৰ্ণ ভাৱে প্ৰতিবাদ কৰাৰ প্ৰতিশ্ৰুতি দিছিল দিল্লী আৰক্ষীক ৷

প্ৰতিশ্ৰুতি ৰাখিয়ে 26 জানুৱাৰী অৰ্থাৎ মংগলবাৰৰ দিনটোত পুৱা 8বাজি 30 মিনিটত প্ৰায় 6,000-7,000 টেক্টৰ ৰেলীৰে কৃষক সকলে উপস্থিত হৈছিল সিংঘু বৰ্ডাৰত ৷ কিন্তু প্ৰতিবাদকাৰীয়ে প্ৰতিশ্ৰুতি ভাঙি উত্তপ্ত কৰি তুলিছিল প্ৰতিবাদস্থলী ৷ প্ৰতিবাদকাৰী সকলে সঞ্জয় গান্ধী পৰিবহন নগৰলৈ গৈছিল প্ৰথম অৱস্থাত ৷ প্ৰতিবাদকাৰীসকলে মধ্য দিল্লীলৈ যোৱাৰ ওপৰত জোৰ দিছিল যদিও দিল্লী আৰক্ষীয়ে তেওঁলোকক প্ৰৱেশ কৰিবলৈ বাধা প্ৰদান কৰিছিল ৷ ইয়াৰ পাচতে নিহাঙৰ নেতৃত্বত প্ৰতিবাদকাৰী সকলে ঘোঁৰাৰ ওপৰত উঠি তৰোৱাল,কৃপাণ আৰু ফাৰ্ছাৰৰ দৰে অস্ত্ৰেৰে আৰক্ষীক আক্ৰমণৰ লক্ষ্য বান্ধি লৈছিল প্ৰতিবাদকাৰীয়ে ৷ প্ৰতিবাদকাৰী সকলে মুকাৰবা চক আৰু পৰিবহন নগৰৰ মাজত স্থাপন কৰা বেৰিকেডৰ কেইবাটাও স্তৰ ভাঙি উত্তপ্ত কৰি তুলিছিল পৰিস্থিতি ৷ দিল্লী আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলক এইক্ষেত্ৰত বাধা প্ৰদান কৰিছিল যদিও আৰক্ষীক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল প্ৰতিবাদকাৰীসকলে ৷ দিল্লী আৰক্ষীয়ে মুকাৰবা চকৰ দৰে গাজীপুৰ আৰু টিকৰি বৰ্ডাৰতো একে উত্তপ্ত পৰিস্থিতিৰ সন্মুখীন হৈছিল ৷ গাজিপুৰ সীমান্তৰ কৃষকসকলে কেইবাটাও পইণ্টত বেৰিকেড ভাঙি আইটিঅ'ৰ ফালে গৈছিল ৷ য'ত সিংঘু সীমান্তৰ পৰা অহা কৃষকসকলে তেওঁলোকৰ সৈতে যোগদান কৰিছিল ।

অন্য এক খবৰৰ বাবে: সাহিত্যিক ড৹ ৰমেশ চন্দ্ৰ পাঠকৰ দেহাৱসান

ইফালে, টিকৰি বৰ্ডাৰতো কৃষকসকলে নিৰ্ধাৰিত কৰা স্থানত উপনীত হ'ব পৰা নাছিল আৰু দিল্লী আৰক্ষীৰ সৈতে যুঁজ কৰিছিল । যাৰ বাবে প্ৰতিবাদকাৰী সকলে বেৰিকেড ভঙাৰ লগতে আৰক্ষীৰ বাহন আৰু আৰক্ষী কৰ্মীক অস্ত্ৰৰে আক্ৰমণ কৰিছিল । প্ৰতিবাদকাৰী সকলক বাধা প্ৰদান কৰাৰ পাচত আৰক্ষী আৰু প্ৰতিবাদকাৰী সকলৰ মাজত সৃষ্টি হৈছিল এক অপ্ৰীতিকৰ পৰিস্থিতিৰ ৷ প্ৰতিবাদকাৰী সকলে সঘনাই পথ সলনি কৰি নিজৰ পৰিকল্পনা কৰা স্থানত উপনীত হ'ব বিচাৰিছিল ৷ প্ৰতিবাদকাৰীসকলে নাজফগড়ৰ ফালে ঘূৰি যোৱাৰ সলনি তেওঁলোকে পেৰাগড়ীৰ ফালে আৰু দিল্লীৰ কেন্দ্ৰীয় অংশৰ ফালে আগবাঢ়ি গৈছিল ৷ কাৰণ প্ৰতিবাদকাৰী সকলৰ আৰক্ষীয়ে প্ৰতিবাদত বাধা প্ৰদান কৰিছিল ৷ সকলো দিশৰ পৰা অহা প্ৰতিবাদকাৰীয়ে সৃষ্টি কৰা উত্তপ্ত পৰিস্থিতিক শান্ত কৰিবলৈ বাৰে-বাৰে ব্যৰ্থ হৈছিল দিল্লী আৰক্ষী, যদিওবা বহু হাজাৰ আৰক্ষীৰ মোতায়ন কৰা হৈছিল সমগ্ৰ দিল্লী চহৰত৷

ইফালে, আইটিঅ', গাজিপুৰ আৰু সিংঘু সীমান্তৰ পৰাও কৃষকৰ এটা ডাঙৰ গোটেও উত্তপ্ত কৰিছিল দিল্লীৰ ৰাজপথ ৷ আৰক্ষীয়ে এই প্ৰতিবাদকাৰী সকলক বাধা প্ৰদান কৰিছিল যদিও আৰক্ষীক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল প্ৰতিবাদকাৰী সকলে ৷ প্ৰতিবাদকাৰী সকলে বেৰিকেড ভাঙি,লোৰ গ্ৰীল আৰু ডিভাইডাৰবোৰ ভাঙি ক্ষতিগ্ৰস্ত কৰিছিল ৷ বেৰিকেডত মোতায়ন কৰা আৰক্ষীক উক্ত স্থানৰ পৰা খেদি পঠিয়াবলৈ টেক্টৰেৰে আক্ৰমণৰো লক্ষ্য কৰি লৈছিল প্ৰতিবাদকাৰী সকলে ৷ অৱশ্যে গণতন্ত্ৰ দিৱসৰ পেৰেডৰ সমাপ্তিত আৰক্ষীয়ে তেওঁলোকক নতুন দিল্লীৰ জিলাসমূহত প্ৰৱেশ কৰাত বাধা দিয়াত সফল হৈছিল আৰক্ষী ৷

অন্য এক খবৰৰ বাবে: 2021 বৰ্ষৰ পদ্মশ্ৰী বঁটাপ্ৰাপক অসমীয়াসকল

ইফালে, প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ পাচত প্ৰতিবাদকাৰী সকলে তেওঁলোকৰ পৰিকল্পনা সলনি কৰি লালকিল্লাৰ ফালে আগবাঢ়ি যায় । লালকিল্লাত প্ৰতিবাদকাৰী সকলে গেটবোৰ ভাঙি ৰেড ফৰ্টলৈ প্ৰৱেশ কৰে ৷ ইয়াৰ পাচতে প্ৰতিবাদকাৰী সকলে লালকিল্লাত ত্ৰিৰংগাৰ সৈতে উৰাই কৃষকৰ প্ৰতিবাদ ৷ বহু চেষ্টাৰ অন্তত দিল্লী আৰক্ষীয়ে ৰমপাৰ্ট আৰু ওচৰৰ স্থানৰ পৰা জনগোটসমূহ আঁতৰাবলৈ সক্ষম হৈছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰে ৷ বৰ্তমানেও দিল্লী আৰক্ষীয়ে পৰিস্থিতিৰ ওপৰত তীব্ৰ লক্ষ্য ৰাখি আছে । প্ৰতিবাদকাৰী সকলে সামাজিক তথা ৰাজহুৱা সম্পত্তি অনিষ্ট কৰাৰ লগতে আৰক্ষীক অস্ত্ৰৰে আক্ৰমণ কৰাৰ বাবে ৰুজু কৰা হৈছে চাৰিটাকৈ গোচৰ ৷

Last Updated : Jan 27, 2021, 9:19 AM IST

ABOUT THE AUTHOR

...view details