ETV Bharat Assam

অসম

assam

ETV Bharat / bharat

গ্ৰেটা থানবাৰ্গৰ বিৰুদ্ধে এজাহাৰ দাখিল দিল্লী আৰক্ষীৰ - কৃষক আন্দোলনৰ সমৰ্থন

প্ৰকৃতিপ্ৰেমী গ্ৰেটা থানবাৰ্গৰ বিৰুদ্ধে এজাহাৰ দাখিল দিল্লী আৰক্ষীৰ । কৃষক আন্দোলনৰ সমৰ্থন জনাই বুধবাৰে গ্ৰেটা থানবাৰ্গে টুইট কৰাৰ পাচতেই এজাহাৰ দাখিল দিল্লী আৰক্ষীৰ ।

গ্ৰেটা থানবাৰ্গৰ বিৰুদ্ধে এজাহাৰ দাখিল দিল্লী আৰক্ষীৰ
গ্ৰেটা থানবাৰ্গৰ বিৰুদ্ধে এজাহাৰ দাখিল দিল্লী আৰক্ষীৰ
author img

By

Published : Feb 4, 2021, 10:10 PM IST

নিউজ ডেস্ক, ৪ ফেব্ৰুৱাৰী: প্ৰকৃতিপ্ৰেমী গ্ৰেটা থানবাৰ্গৰ বিৰুদ্ধে এজাহাৰ দাখিল দিল্লী আৰক্ষীৰ । দেশত অব্যাহত থকা কৃষক আন্দোলনৰ সমৰ্থন জনাই বুধবাৰে গ্ৰেটা থানবাৰ্গে টুইট কৰিছিল । তাৰ পাচতেই দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত দিল্লী আৰক্ষীয়ে এজাহাৰ দাখিল কৰে । থানবাৰ্গৰ লগতে কেইবাজনো বিদেশীয়ে প্ৰতিবাদী কৃষকৰ আন্দোলনৰ সমৰ্থন জনাইছিল ।

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পপষ্টাৰ ৰিহানাই কৃষকৰ প্ৰতিবাদৰ লগতে ইন্টাৰনেট কৰ্তন কৰা সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় বাতৰি কাকতত এক প্ৰৱন্ধ লিখাৰ পাচতেই থানবাৰ্গেও কৃষকৰ সমৰ্থনত টুইট কৰিছিল ।

উল্লেখ্য যে, ২০০৩ চনৰ ৩ জানুৱাৰীত চুইডেনত জন্মলাভ কৰে থানবাৰ্গে । অতি কম বয়সত খ্যাতি লাভ কৰা গ্ৰেটাৰ থানবাৰ্গ এগৰাকী প্ৰকৃতিপ্ৰেমী । থানবাৰ্গে পৰিৱেশ সংৰক্ষণৰ বাবে কৰা আন্দোলনত আন্তঃৰাষ্ট্ৰীয় সমৰ্থন লাভ কৰিছিল । এইগৰাকী কিশোৰীৰ এই আন্দোলনৰ পাচতে জলবায়ু পৰিৱৰ্তনৰ বাবে চুইডেনে কেতবোৰ কাম কৰা পৰিলক্ষিত হয় ।

লগতে পঢ়ক:ম্যানমাৰত গণতন্ত্ৰ পুনৰুদ্ধাৰৰ বাবে ভাৰত চৰকাৰৰ হস্তক্ষেপ দাবী নেচোৰ

ABOUT THE AUTHOR

author-img

...view details