নিউজ ডেস্ক, ১৯ জুনঃ দিল্লী আৰক্ষীৰ অপৰাধ শাখাই শুকুৰবাৰে ৪৬ গৰাকী বিদেশী নাগৰিকৰ বিৰুদ্ধে দাখিল কৰে ১২ খন চাৰ্জশ্বীট। ৰাজধানী চহৰখনত নিজামুদ্দিন অঞ্চলত অনুষ্ঠিত মাৰ্কাজ টবলিগী জামাতৰ ঘটনাত জড়িত থকাৰ অভিযোগত বিদেশী নাগৰিক কেইজনৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে চাৰ্জশ্বীট দাখিল কৰে।
বিদেশী নাগৰিককেইজনে টবলিগী জামাতত অংশগ্ৰহণৰ পাছতে সমগ্ৰ দেশজুৰি কোভিড-১৯ সংক্ৰমিত হোৱাৰ মূল কেন্দ্ৰ হিচাপে চিহ্ণিত হৈছিল দিল্লীৰ নিজামুদ্দিন অঞ্চল। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি,১২ খন বেলেগ বেলেগ ৰাষ্ট্ৰৰ এই বিদেশী নাগৰিক কেইজনে ভিছা নিয়ম ভংগ কৰা,চৰকাৰী নিৰ্দেশনা উলংঘা,মহামাৰী ৰোগ আইনৰ নীতি-নিয়ম ভংগ আৰু দুৰ্যোগ ব্যৱস্থাপনা আইন উলংঘা কৰাৰ অপৰাধত চাৰ্জশ্বীট দাখিল কৰা হয়।