অসম

assam

নিজামুদ্দিন মাৰ্কাজত তদন্তৰ বাবে উপস্থিত দিল্লী আৰক্ষীৰ অপৰাধ শাখা

By

Published : Apr 5, 2020, 8:14 PM IST

নিজামুদ্দিন জামাতত উপস্থিত দিল্লী আৰক্ষীৰ অপৰাধ শাখা ৷ তদন্তৰ বাবে উপস্থিত হয় বিশেষ শাখাৰ দলটো ৷

তদন্তৰ বাবে উপস্থিত
নিজামুদ্দিন মাৰ্কাজত উপস্থিত দিল্লী আৰক্ষীৰ অপৰাধ শাখা

নেশ্যনেল ডেস্ক, 5 এপ্ৰিল : দিল্লী আৰক্ষী অপৰাধ শাখাই দেওবাৰে উপস্থিত হয় নিজামুদ্দিন মাৰ্কাজত ৷ 13 মাৰ্চৰ পৰা 15 মাৰ্চলৈ অনুষ্ঠিত ধৰ্মীয় অনুষ্ঠানত হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰাৰ পাচতে বহুসংখ্যক লোক কোভিড-19 ত আক্ৰান্ত হোৱাৰ পাচতে তদন্তৰ বাবে উপস্থিত হয় অপৰাধ শাখাৰ দলটো ৷

নিজামুদ্দিন মাৰ্কাজত উপস্থিত দিল্লী আৰক্ষীৰ অপৰাধ শাখা

দিল্লীৰ নিজামুদ্দিনত যোৱা মাহত অনুষ্ঠিত তাবলিগী জামাতত অংশগ্ৰহণ কৰাৰ শ-শ লোক কোভিড-19 ত আক্ৰান্ত হোৱাৰ ফলত দেশত ভয়াবহভাৱে বৃদ্ধি পাইছিল আক্ৰান্তৰ সংখ্যা ৷

নিজামুদ্দিন মাৰ্কাজত উপস্থিত দিল্লী আৰক্ষীৰ অপৰাধ শাখা

উল্লেখ্য যে, এই অনুষ্ঠানত দেশৰ আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰিছিল ৷ বুধবাৰে দিল্লী চৰকাৰে আৰক্ষী বিভাগৰ সৈতে এক যুটীয়া অভিযানত মাৰ্কাজৰ পৰা 2300 লোকক আঁতৰাই পঠিওৱাৰ লগতে অঞ্চলটো পৰিস্কাৰ কৰিছিল ৷ সেই অঞ্চলৰ পৰা আঁতৰাই পঠোৱা লোকসকলক হাস্পতাল আৰু অন্যান্য স্থানত কোৱাৰান্টাইনত ৰখা হৈছিল ৷

পূৰ্বে দিল্লী আৰক্ষীয়ে জামাতৰ মুৰব্বীগৰাকীলৈ প্ৰেৰণ কৰিছিল এখন জাননী ৷ মহামাৰী ৰোগ অনুচ্ছেদৰ (the Epidemic Disease Act) অধীনত এক গোচৰ ৰুজু হোৱাৰ পাচতে এই জাননী প্ৰেৰণ কৰা হৈছিল ৷

উল্লেখ্য যে, বিভিন্ন ৰাজ্যৰ পৰা অংশগ্ৰহণ কৰা হাজাৰ হাজাৰ লোকক নিজ নিজ ৰাজ্য চৰকাৰে চিনাক্ত কৰি উলিওৱাৰ লগতে কোৱাৰান্টাইনত ৰখাৰ ব্যৱস্থা কৰিছে ৷

ABOUT THE AUTHOR

...view details