অসম

assam

ETV Bharat / bharat

COVID-19 প্ৰট'কল ভংগ কৰি দিল্লী আৰক্ষীৰ ৰোষত AAPৰ বিধায়ক - আম আদমী পাৰ্টী

আম আদমী পাৰ্টীৰ ৪ গৰাকী বিধায়ক আৰু আন কেইবাজনো লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে দিল্লী আৰক্ষীয়ে । COVID-19 প্ৰট'কল ভংগ কৰি নাগৰিক কেন্দ্ৰৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰাৰ অভিযোগ উত্থাপিত হৈছে বিধায়ক কেইগৰাকীৰ বিৰুদ্ধে ।

COVID-19 প্ৰট'কল ভংগ কৰি দিল্লী আৰক্ষীৰ ৰোষত AAPৰ বিধায়ক
COVID-19 প্ৰট'কল ভংগ কৰি দিল্লী আৰক্ষীৰ ৰোষত AAPৰ বিধায়ক

By

Published : Oct 29, 2020, 1:36 PM IST

নেশ্যনেল ডেস্ক, ২৯ অক্টোবৰ: COVID-19 প্ৰট'কল ভংগ কৰি দিল্লী আৰক্ষীৰ ৰোষত পৰিল আম আদমী পাৰ্টীৰ ৪ গৰাকী বিধায়ক আৰু আন কেইবাজনো লোক । আম আদমী পাৰ্টীৰ নেতা দুৰ্গেশ পাঠকসহ দলটোৰ ১০০০-১৫০০জন কৰ্মীয়ে স্বচ্ছতা কাৰ্যৰ পৰিকল্পনাবোৰ ব্যক্তিগতকৰণৰ বিৰোধিতাৰে নাগৰিক কেন্দ্ৰৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে।

দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি 'দলটোৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল আৰু প্ৰতিবাদকাৰীসকলে সামাজিক দূৰত্বও বৰ্তাই ৰখা নাছিল। লগতে কেইবাজনো কৰ্মীয়ে মাস্ক পৰিধান কৰা নাছিল।'ক'ণ্ডলিৰ বিধায়ক কুলদীপ সনু, শালীমাৰ বাঘৰ বিধায়ক বন্দনা কুমাৰী, মডেল টাউনৰ বিধায়ক অখিলেশ ত্ৰিপাঠী আৰু ত্ৰিলোকপুৰীৰ বিধায়ক ৰোহিত মহালিয়নেও এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ চেষ্টা কৰোঁতে এ চি পি কমলা মাৰ্কেটসহ ৯ গৰাকী আৰক্ষী বিষয়া আহত হয়। ইয়াৰ পিছতে আৰক্ষীয়ে IPCৰ ১৮৬,১৮৮,৩৫৩,৩৩২,২৬৯,২৭০ ধাৰা আৰু মহামাৰী আইনৰ ৩ নং ধাৰাৰ অধীনত গোচৰ ৰুজু কৰে।

লগতে পঢ়ক:SCO দেশসমূহক বাণিজ্য,বিনিয়োগৰ মাত্ৰা বঢ়োৱাৰ আহ্বান কেন্দ্ৰীয় মন্ত্ৰী পীযুষ গোয়েলৰ

ABOUT THE AUTHOR

...view details