নেশ্যনেল ডেস্ক, 26 আগষ্ট: দিল্লী আৰক্ষীৰ বিশেষ শাখাই দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ গৱেষকৰ ছাত্ৰ শ্বাৰ্জিল ইমামক ফ্ৰেব্ৰুৱাৰী মাহত উত্তৰ-পূৱ দিল্লীৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসমক দেশৰ অন্য ঠাইৰ পৰা বিচ্ছিন্ন কৰাৰ বিতৰ্কিত মন্তব্য কৰাৰ অপৰাধত দেশদ্ৰোহৰ অপৰাধত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে ৷
দেওবাৰে শ্বাৰ্জিলক অসমৰ পৰা দিল্লীলৈ প্ৰডাকশ্বন ৱাৰেন্টত উভতাই অনা হয় ৷ 21 জুলাইত শ্বাৰ্জিলক দিল্লী আৰক্ষীয়ে দেশৰ ৰাজধানীলৈ উভতাই অনাৰ প্ৰস্তুতি চলাই আছিল যদিও ইয়াৰ আগমুহুৰ্ততে অসমৰ কাৰাগাৰত থকা শ্বাৰ্জিল ইমামৰ শৰীৰত কৰ‘ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰে ৷