নিউজ ডেস্ক, 26 অক্টোবৰঃৰাজধানী দিল্লীত বৃদ্ধি পাইছে নাৰী নিৰ্যাতনৰ ঘটনা ৷ ইটোৰ পিছত আনটো নাৰী নিৰ্যাতনৰ ঘটনা পোহৰলৈ আহিছে ৷ এইবাৰ আৰক্ষীৰ বিৰুদ্ধে উত্থাপন হৈছে নাৰী নিৰ্যাতনৰ দৰে গুৰুতৰ অভিযোগ ৷
জানিব পৰা মতে, আৰক্ষী বিষয়া পুনীত গ্ৰেৱালৰ বিৰুদ্ধে 4 গৰাকীকৈ মহিলাই অশালীন মন্তব্য তথা দুব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি এজাহাৰ দাখিল কৰিছিল ৷ ইয়াৰ উপৰিও এগৰাকী নাবালিকাক নিৰ্যাতন চলোৱাৰো অভিযোগ উত্থাপন হৈছিল আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে ৷ যাৰ পৰিপ্ৰেক্ষিতত দিল্লীৰ দক্ষিণ দ্বাৰকা থানাৰ আৰক্ষীয়ে শনিবাৰে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৫৪ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে পুনীত গ্ৰেৱাল নামৰ আৰক্ষী বিষয়াকগৰাকীক ৷