অসম

assam

সম্পৰ্ক বিহীন টিকটেৰে ৰাজহুৱা পৰিবহন চলাচলৰ পৰিকল্পনা দিল্লীৰ

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও ৰাজহুৱা পৰিবহণ ব্যৱস্থা মুকলি কৰা সম্পৰ্কে বৃহস্পতিবাৰে ইংগিত প্ৰদান কৰিছিল । কেন্দ্ৰীয় চৰকাৰে অনুমতি প্ৰদান কৰিলেই দিল্লীত ৰাজহুৱা পৰিবহণ ব্যৱস্থা পুনৰ আৰম্ভ হ'ব ।

By

Published : May 16, 2020, 1:29 PM IST

Published : May 16, 2020, 1:29 PM IST

সম্পৰ্ক বিহীন টিকটেৰে ৰাজহুৱা পৰিবহন চলাচলৰ পৰিকল্পনা দিল্লীৰ
সম্পৰ্ক বিহীন টিকটেৰে ৰাজহুৱা পৰিবহন চলাচলৰ পৰিকল্পনা দিল্লীৰ

নিউজ ডেস্ক, 16 মে': কেন্দ্ৰীয় চৰকাৰ আৰু চহৰ প্ৰশাসনে ৰাজহুৱা পৰিবহণ ব্যৱস্থা আৰম্ভ কৰিবনে নাই সেই সম্পৰ্কে চিন্তা চৰ্চা কৰিবলৈ বাকী থকাৰ সময়তে , দিল্লীৰ পৰিবহণ মন্ত্ৰী কৈলাশ ঘালোটে 17 মে'ৰ পাচত ৰাজ্যখনত ৰাজহুৱা পৰিবহণ চলাচল কৰাৰ পৰিকল্পনা কৰিছে । সম্পৰ্ক বিহীনভাৱে টিকট প্ৰদানেৰে বাছ আৰু মেট্ৰ' চলাচল কৰোৱাৰ কথা চিন্তা কৰিছে মন্ত্ৰী গৰাকীয়ে ।

এক টুইটৰ জৰিয়তে মন্ত্ৰী গৰাকীয়ে এই কথা প্ৰকাশ কৰে । সুৰক্ষিত ভাৱে ৰাজহুৱা পৰিবহণ ব্যৱস্থাটো পুনৰ আৰম্ভ কৰিবলৈ তেওঁ DTC আৰু মেট্ৰ' ৰে'লৰ বিষয়া সকলৰ সৈতে কথা বতৰা পাতিছে ।

কেন্দ্ৰীয় চৰকাৰে অনুমতি প্ৰদান কৰিলে দিল্লীত ৰাজহুৱা পৰিবহণ ব্যৱস্থা পুনৰ আৰম্ভ কৰিব বুলি কয় মন্ত্ৰী জনে ।

উল্লেখ্য যে, মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও ৰাজহুৱা পৰিবহণ ব্যৱস্থা মুকলি কৰা সম্পৰ্কে বৃহস্পতিবাৰে ইংগিত প্ৰদান কৰিছিল ।

ABOUT THE AUTHOR

...view details