অসম

assam

ETV Bharat / bharat

দিল্লীত ভয়াৱহভাৱে নিম্নগামী হৈছে বায়ুৰ গুণগত মানৰ সূচাংক

দিল্লীবাসীৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি আনিছে প্ৰদূষণে ৷ বায়ুৰ গুণগত মানৰ সূচাংক ক্ৰমাৎ নিম্নগামী হৈ ভয়াৱহ ৰূপ লৈছে ৷ হৃদৰোগ, হাওঁফাওঁৰ কৰ্কট ৰোগকে ধৰি বিভিন্ন জটিল ৰোগত বহু লোক আক্ৰান্ত হোৱাৰ সম্ভাৱনা প্ৰকট কৰিছে দিল্লী প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডে ৷

দিল্লীত ভয়াৱহভাৱে নিম্নগামী হৈছে বায়ুৰ গুণগত মানৰ সূচাংক
দিল্লীত ভয়াৱহভাৱে নিম্নগামী হৈছে বায়ুৰ গুণগত মানৰ সূচাংক

By

Published : Oct 24, 2020, 12:12 PM IST

নেশ্যনেল ডেস্ক, ২৪ অক্টোবৰ: দিল্লী প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডে প্ৰকাশ কৰা তথ্য় অনুসৰি, দিল্লীৰ বায়ুৰ গুণগত মানৰ সূচাংক শনিবাৰে অধিক জটিল শ্ৰেণীলৈ নিম্নগামী হৈছে ৷ আলীপুৰত শনিবাৰে বায়ুৰ গুণগত মানৰ সূচাংক ৪৩২, মুণ্ডকাত ৪২৭ আৰু ৱজীৰপুৰত ৪০৯ । বিশেষজ্ঞৰ মতে, বায়ুৰ গুণগত মান জটিল শ্ৰেণীত থাকিলে এই প্ৰদূষিত বায়ুয়ে মানুহৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি অনাৰ সম্ভাৱনা থাকে ৷ বায়ুৰ গুণগত মানৰ সূচাংক ০-৫০ৰ ভিতৰত থাকিলে ভাল, ৫১-১০০ৰ ভিতৰত থাকিলে সন্তুষ্টিজনক, ১০১-২০০ৰ ভিতৰত থাকিলে মধ্যমীয়া বুলি চিহ্নিত কৰা হয় ৷

আনহাতে, ২০১-৩০০ৰ ভিতৰত থাকিলে বেয়া, ৩০১-৪০০ৰ ভিতৰত থাকিলে অধিক বেয়া আৰু ৪০১-৫০০ ৰ ভিতৰত থাকিলে ভয়াৱহ পৰিস্থিতি বুলি গণ্য কৰা হয় ৷ প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পোৱাৰ ফলত দিল্লীৰ বহু লোকে শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভূগিবলগীয়া হৈছে ৷ শিশুসকলে ডিঙিৰ সমস্যাৰো সন্মুখীন হৈছে ৷ শেহতীয়াকৈ, কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডে দিল্লী উচ্চ ন্যায়ালয়ক জনাইছে যে, ব'ৰ্ডে ৰাজ্যৰ প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ড, নিৰ্মাণকাৰী সংস্থা, পৌৰ নিগম, যানবাহন আৰক্ষী আৰু দিল্লীৰ পৰিবহন বিভাগক বায়ু প্ৰদূষণ সৃষ্টি কৰা কাৰণ বিশ্লেষণ কৰি কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে ৷

শুকুৰবাৰে উচ্চ ন্যায়ালয়ে দিল্লী চৰকাৰ আৰু কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডক বায়ু প্ৰদূষণ ৰোধ কৰিবলৈ ফটকা ফুটোৱা, পুতলা জ্বলোৱাৰ ওপৰত বাধা আৰোপ কৰি নতুন নিৰ্দেশনা জাৰি কৰিবলৈ নিৰ্দেশ দিয়ে ৷ দশমী পালন কৰিবলৈ অনুকুল ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰিৱেশ বিভাগ, দিল্লী চৰকাৰ, আৰু কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডক নিৰ্দেশ দিয়ে ৷

লগতে পঢ়ক:তেল, গেছ কোম্পানীৰ CEOৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

ABOUT THE AUTHOR

...view details