নেশ্বনেল ডেস্ক, 2 জানুৱাৰীঃবৃহস্পতিবাৰে ৰাতিপুৱা নতুন দিল্লীৰ পীৰাগঢ়ী উদ্যোগ বিহাৰত এটা বেটাৰী নিৰ্মাণ ফেক্টৰীত সংঘটিত হয় অগ্নিকাণ্ড ৷ ঘটনাস্থলীত উপস্থিত হয় অগ্নি নিৰ্বাপক বাহিনীৰ 6 খনকৈ বাহন ৷ কিন্তু পৰৱৰ্তী সময়ত অধিক তীব্ৰতৰ হৈ পৰে জুইৰ মাত্ৰা ৷ প্ৰায় 5 ঘন্টা ধৰি 24 খন অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে অগ্নি নিৰ্বাপনৰ চেষ্টা কৰে যদিও বৰ্তমানলৈ জুই নিয়ন্ত্ৰণ কৰিব পৰা নাই ৷
প্ৰাপ্ত তথ্য অনুসৰি জুই নুমাই থকা অৱস্থাত জুইৰ মাজত আবদ্ধ হৈ পৰে 3 জনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ লোক ৷ ইয়াৰোপৰি 4 আন জনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ লোক আৰু ফেক্টৰীটোত কাম কৰা এজন কৰ্মচাৰী গুৰুতৰভাৱে আহত হয় ৷ বৰ্তমান আবদ্ধ লোকসকলক উদ্ধাৰৰ চেষ্টা কৰি থকা হৈছে ৷