অসম

assam

ETV Bharat / bharat

দিল্লীত কাৰ্যকৰী কৰা হ'ল যুগ্ম-অযুগ্ম সংখ্যাৰ সূত্ৰ - দিল্লীত কাৰ্যকাৰী কৰা হ'ল যুগ্ম-অযুগ্ম সংখ্যাৰ সূত্ৰ

সোমবাৰৰ পৰা দিল্লীত কাৰ্যকৰী হ'ল যুগ্ম-অযুগ্ম সংখ্যাৰ সূ্ত্ৰ ৷ ৰাজধানীত বাহন চলাচল কৰাৰ ক্ষেত্ৰত 15 নৱেম্বৰলৈ বাহাল থাকিব এই ব্যৱস্থা ৷ ৷ 4 নৱেম্বৰ পুৱা 8 বজাৰ পৰা দিল্লীত কাৰ্যকৰী কৰা হৈছে যুগ্ম-অযুগ্ম সংখ্যাৰ নিয়ম ৷

দিল্লীত অড-ইভেনৰ সূ্ত্ৰ

By

Published : Nov 4, 2019, 12:18 PM IST

Updated : Nov 4, 2019, 1:43 PM IST

নিউজ ডেস্ক, 4 অক্টোবৰঃ সোমবাৰৰ পৰা দিল্লীত কাৰ্যকৰী কৰা হ'ল যুগ্ম-অযুগ্ম সংখ্যাৰ সূ্ত্ৰ ৷ ৰাজধানীত বাহন চলাচল কৰাৰ ক্ষেত্ৰত 15 নৱেম্বৰলৈ বাহাল থাকিব এই ব্যৱস্থা ৷ 4 নৱেম্বৰত যুগ্ম-অযুগ্ম সংখ্যাৰ সূত্ৰৰ আৰম্ভণি হোৱা বাবে সোমবাৰে দিল্লীৰ ৰাজপথত কেৱল যুগ্ম নম্বৰৰ বাহনহে দেখা যাব ৷ পুৱা 8 বজাৰ পৰা দিল্লীত কাৰ্যকৰী কৰা হৈছে যুগ্ম-অযুগ্ম সংখ্যাৰ নিয়ম ৷

দিল্লীত অড-ইভেনৰ সূ্ত্ৰ

ইপিনে, যুগ্ম-অযুগ্ম সংখ্যা সন্দৰ্ভত দিল্লীৰ মু্খ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে টুইটযোগে নিজৰ মতামত প্ৰকাশ কৰে ৷ দিল্লীত বৃদ্ধি পোৱা প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজক এই আঁচনিখন সূচাৰুৰূপে পালন কৰিবলৈ আহ্বান জনাই দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

লগত পঢ়কঃ দিল্লীত ভয়ংকৰ প্ৰদূষণঃ গাজৰ খাই ৰক্ষা কৰক নিজক !

এই নিয়ম উলংঘা কৰিলে 4000 টকা জৰিমনা ভৰিব লাগিব চালকে ৷ অৱশ্যে মহিলাসকলক এই ক্ষেত্ৰত কিছু ৰেহাই দিয়া হৈছে ৷ কোনো মহিলা চালকে যদিহে মহিলা অথবা 12 বছৰৰ তলৰ কিশোৰ-কিশোৰী লৈ যাত্ৰা কৰি আছে,তেন্তে তেওঁলোকৰ পৰা কোনোধৰণৰ জৰিমনা আদায় কৰা নহয় ৷

Last Updated : Nov 4, 2019, 1:43 PM IST

ABOUT THE AUTHOR

...view details