অসম

assam

ETV Bharat / bharat

দিল্লীত বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ কোভিড কেয়াৰ চেণ্টাৰ মুকলি

দিল্লী আৰু এন চি আৰৰ কোভিড-১৯ত আক্ৰান্ত ৰোগীসকলৰ বাবে নিৰ্মান কৰা হৈছে চৰ্দাৰ পাটেল কোভিড কেয়াৰ চেন্টাৰ । এই চেন্টাৰটোত থকা ১০ হাজাৰ বিচনাৰ ভিতৰত ১০ শতাংশ বিচনাত অক্সিজেনৰ সুবিধা আছে । চেণ্টাৰটো মুকলি কৰি এই কথা উল্লেখ কৰে দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ অনিল বাইজালে ।

By

Published : Jul 5, 2020, 4:20 PM IST

 কোভিড কেয়াৰ চেণ্টাৰ
Delhi LG inaugurates world's 'largest' Covid care centre with 10,000 beds in Chhatarpur

নিউজ ডেস্ক, ৫ জুলাইঃ দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ অনিল বাইজালে দেওবাৰে মুকলি কৰে ১০ হাজাৰ বিচনাযুক্ত দিল্লীৰ চৰ্দাৰ পাটেল কোভিড কেয়াৰ চেন্টাৰ । ৰাজধানী চহৰখনৰ ছতৰপুৰ অঞ্চলৰ ৰাধাস্বামী সৎসংগ বিহাৰত অৱস্থিত এই কোভিড-১৯ চেন্টাৰটো । ৰাজধানী চহৰখনত স্থাপন হোৱা এই চেন্টাৰটো বিশ্বৰ ভিতৰত সবাটোকৈ ডাঙৰ কোভিড কেয়াৰ চেন্টাৰ বুলি জানিব পৰা গৈছে।

দিল্লী আৰু এনচিআৰৰ কোভিড-১৯ত আক্ৰান্ত ৰোগীসকলৰ বাবে চৰ্দাৰ পাটেল কোভিড কেয়াৰ চেন্টাৰ নিৰ্মান কৰা হৈছে । এই চেন্টাৰটোত থকা ১০ হাজাৰ বিচনাৰ ভিতৰত ১০ শতাংশ বিচনাত অক্সিজেনৰ সুবিধা আছে। চেণ্টাৰটো মুকলি কৰি এই কথা উল্লেখ কৰে লেফটেনেণ্ট গৱৰ্ণৰ অনিল বাইজালে । তদুপৰি উক্ত চেণ্টাৰটোত ৰোগীসকলৰ কোভিড-১৯ চিকিৎসাৰ লগতে মনোৰোগ আৰু মেডিচিন বিভাগৰ বিশেষজ্ঞই চোৱা-চিতা কৰিব।

ইয়াৰ উপৰিও কোভিড কেয়াৰ চেন্টাৰটোত ৰোগীসকলৰ বাবে বোৰ্ড গেম, বেডমিণ্টন আদি খেলাৰ সুবিধা আছে । কোভিড-১৯ চেণ্টাৰটোত কেইবামাহ ধৰি ITBP (Indo-Tibetan Border Police) জোৱানসকলে কৰ'ণা আক্ৰান্ত ৰোগীৰ চোৱা-চিতাৰ কাম কৰি আছে ।

উল্লেখ্য যে, ৰাজধানী চহৰখনত প্ৰতিদিনে দ্ৰুত গতিত বৃদ্ধি পাইছে কোভিড-১৯ৰ সংক্ৰমণ । দেশৰ কোভিড-১৯ আক্ৰান্ত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ভিতৰত তৃতীয় স্থানত আছে দিল্লী । এইপৰ্যন্ত মুঠ ৯৭,২০০ গৰাকী লোক এই ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যুমুখত পৰিছে ৩০০০ গৰাকীৰ অধিক ৰোগী ।

ABOUT THE AUTHOR

...view details