নেশ্যনেল ডেস্ক, ২৪ অক্টোবৰ: দিল্লীৰ অধিবক্তা বিনীত জিণ্ডালে জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফটিৰ শেহতীয়া মন্তব্যক লৈ আৰক্ষীক অভিযোগ দাখিল কৰিছে। অধিবক্তাগৰাকীয়ে দিল্লী আৰক্ষীক দাখিল কৰা অভিযোগত স্পষ্ট কৰে যে, 'ডকাইতে আমাৰ পতাকা লুটি দিলে' বুলি মুফটিয়ে কৰা মন্তব্য উচনিমূলক আছিল। ভাৰত চৰকাৰৰ বিৰুদ্ধে অপমানজনক আৰু উচতনিমূলক শব্দ প্ৰয়োগ কৰি মন্তব্য কৰিছে।
জিণ্ডালে শুক্ৰবাৰে অভিযোগ উত্থাপন কৰি কয় যে, 'মুফটিয়ে কৰা উচতনিমূলক মন্তব্যই সম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰিব পাৰে। অশান্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰো আশংকা আছে। লগতে এনে ধৰণৰ মন্তব্যই চৰকাৰৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰাৰ ইংগিত দিয়ে।'অধিবক্তাগৰাকীয়ে কয় যে, মুফটিয়ে এই মন্তব্যৰে আইন মানি চলা প্ৰতিগৰাকী নাগৰিকৰ সন্মানত আঘাত হানিছে।