ETV Bharat Assam

অসম

assam

ETV Bharat / bharat

দিল্লীত চাকৰি সংক্ৰান্তীয় পৰ্টেল: ১০লাখ চাকৰিৰ প্ৰস্তাৱ - চৰকাৰী অথবা বেচৰকাৰী প্ৰতিস্থান

দিল্লী চৰকাৰে মুকলি কৰা ৰোজগাৰ বজাৰ শীৰ্ষক চাকৰি সংক্ৰান্তীয় পৰ্টেলটোৱে লাভ কৰিছে যথেষ্ট সহাঁৰি । ১০ লাখতকৈ অধিক চাকৰিৰ প্ৰস্তাৱ উল্লেখ থকা এই পৰ্টেলটো মুকলি হোৱাৰ পিছতেই দেখিবলৈ পোৱা গৈছে যথেষ্ট যোগাত্মক প্ৰতিক্ৰিয়া । ফ্লিপকাৰ্ট, এইচ ডি এফ চি বেংক, ৰিলায়েঞ্চ আদি প্ৰতিস্থান সমূহে প্ৰাৰ্থী বিচাৰি দিয়া বিজ্ঞাপনৰ সবিশেষ থকা এই পৰ্টেলটোৰ জৰিয়তে এই পৰ্যন্ত আঠ লাখৰো অধিক চাকৰি প্ৰাৰ্থীয়ে আবেদন কৰাৰ বাবে লাভ কৰিছে সুযোগ ।

Delhi job portal: 10 lakh jobs offered so far, nine lakh available
দিল্লীত চাকৰী সংক্ৰান্তীয় পৰ্টেল: ১০লাখ চাকৰীৰ প্ৰস্তাৱ
author img

By

Published : Aug 16, 2020, 3:16 PM IST

নিউজ ডেস্ক,১৬ আগষ্ট: মহামাৰী ক'ৰণাৰ ফলত সংস্থাপনহীন হৈ পৰা সকলক সহায়ৰ উদ্দেশ্যে বিগত মাহত দিল্লী চৰকাৰে এটা চাকৰি সংক্ৰান্তীয় পৰ্টেলৰ মাধ্যমেৰে চৰকাৰী অথবা বেচৰকাৰী প্ৰতিস্থান সমূহত খালী হৈ থকা পদ সমূহৰ বিপৰীতে প্ৰায় দহ লক্ষাধিক নিবনুৱাক কৰ্ম সংস্থাপন দিবলৈ সক্ষম হৈছিল । বৰ্তমানেওঁ এনে বহু চৰকাৰী অথবা বেচৰকাৰী প্ৰতিস্থানত ন লাখতকৈও অধিক চাকৰী উপলব্ধ থকাৰ সবিশেষ পৰ্টেলটোত উল্লেখ কৰা হৈছে ।

ভুৱা অথবা সবিশেষ বিৱৰণ উল্লেখ নকৰাৰ বাবে প্ৰায় ৩.৫০ লাখ পদবীৰ বিপৰীতে থকা আবেদন সমূহ নাকচ কৰা হৈছে । এই পৰ্টেলৰ মাধ্যমেৰে আদিত্য বিৰলা গ্ৰুপ, ৰিলায়েঞ্চ, আমাজ'ন, এইচডিএফচি বেংক, অসম টিৰ দৰে প্ৰতিস্থান সমূহে নিয়োগৰ বাবে বিচাৰিছে আবেদন । পৰ্টেলটোত উল্লেখ কৰা অনুসৰি ন লাখ চাকৰিৰ বিপৰীতে বৰ্তমানলৈকে আঠ লাখতকৈ অধিক সংখ্যকে কৰিছে আবেদন ।

মহামাৰী ক'ৰণাৰ ফলত ধ্বংস হৈ পৰা অৰ্থ ব্যৱস্থাক পুনৰ সবল কৰিবলৈ কেজৰিৱাল চৰকাৰে লোৱা এই পদক্ষেপক প্ৰশংসা কৰি আপ বিধায়ক মহেন্দ্ৰ গ'য়েলে কয় যে, মহামাৰী কৰণাৰ পিছতে বহু সংখ্যক লোক হৈ পৰিছিল কৰ্ম সংস্থাপনহীন । দেশৰ ৰাজধানীতেই কৰ্মচাৰীৰ নাটনিৰ বাবে বিভিন্ন বেচৰকাৰী প্ৰতিস্থান সমূহেওঁ সন্মুখীন হৈছিল বহু অসুবিধাৰ । এই সমস্যাক গুৰুত্ব দি আৰোপ কৰি কেজৰিৱাল নেতৃত্বাধীন দিল্লী চৰকাৰে সংস্থাপনৰ উদ্দেশ্যে ৰোজগাৰ বজাৰ শীৰ্ষক পৰ্টেলটো মুকলি কৰিলে । বৰ্তমান এই পৰ্টেলটোৰ মাধ্যমেৰে অৰ্থ ব্যস্থাক পুনৰ টনকিয়াল কৰিবলৈ কৰ্ম সংস্থাপন পোৱা আৰু প্ৰতিস্থান সমূহৰ কৰ্মচাৰীৰ নাটনি দূৰ কৰাৰ ক্ষেত্ৰত দুয়োপক্ষকে সহায় কৰা পৰিলক্ষিত হৈছে ।

দিল্লীত চাকৰী সংক্ৰান্তীয় পৰ্টেল: ১০লাখ চাকৰীৰ প্ৰস্তাৱ

পৰ্টেলটোত সকলোকে পঞ্জীয়নভূক্ত হ'বলৈ অনুৰোধ কৰি গ'য়েলে ক'লে, পৰ্টেলটোত উল্লেখ কৰা চাকৰি সমূহৰ বিৱৰণ আৰু বিশ্লেষণ কৰিবলৈ এটা টাস্ক ফৰ্চ গঠণ কৰা হৈছে । পৰ্টেলটো মুকলি কৰাৰ পিছতেই বৰ্তমানলৈকে ২২ লক্ষাধিক চাকৰিৰ বিজ্ঞাপন পোৱা গৈছে । এই মহামাৰীৰ সময়চোৱাত ৰোজগাৰ বজাৰ হৈ পৰিছে এটা সুন্দৰ আৰ্হি ।

বিধায়ক গৰাকীয়ে উল্লেখ কৰা মতে, এই চাকৰি সংক্ৰান্তীয় পৰ্টেলটোক আৰু অধিক সুবিধাজনক কৰি তোলাৰ লগতে সকলোকে পঞ্জীয়নভূক্ত হোৱাৰ আহ্বানেৰে শীঘ্ৰে এক পোষ্টাৰ অভিযানো আৰম্ভ কৰা হ'ব ।

ABOUT THE AUTHOR

...view details