নিউজ ডেস্ক, 25 নৱেম্বৰ:দিল্লী উচ্চ ন্যায়ালয়ে বুধবাৰে এক গোচৰৰ শুনানি প্ৰদান কৰি কয় যে, যিকোনো প্ৰাপ্ত বয়স্ক যুৱতীয়ে নিজৰ ইচ্ছা অনুযায়ী যিকোনো মানুহৰ সৈতে, যিকোনো ঠাইত বসবাস কৰিব পাৰিব ৷ ন্যায়াধীশ বিপিন সান্ধী আৰু ন্যায়াধীশ ৰজনীশ ভটনাগৰৰ বেঞ্চে এগৰাকী যুৱতীৰ আত্মীয়ৰ বন্দী প্ৰত্যক্ষীকৰণৰ গোচৰৰ শুনানি কৰি দিল্লী আৰক্ষীক যুৱতীগৰাকীক বল্লু নামৰ যুৱকজনৰ ঘৰলৈ পঠোৱাৰ নিৰ্দেশ প্ৰদান কৰে ৷
প্ৰাপ্ত বয়স্ক যুৱতীয়ে নিজৰ ইচ্ছা অনুযায়ী যিকোনো মানুহৰ সৈতে বসবাস কৰিব পাৰিবঃ দিল্লী উচ্চ ন্যায়ালয় - delhi-high-court
দিল্লী উচ্চ ন্যায়ালয়ৰ আদেশত দিল্লী আৰক্ষীয়ে যুৱতীগৰাকীৰ সন্ধান উলিয়াই ভিডিঅ‘ কন্ফাৰেঞ্চ যোগে আদালতত হাজিৰ কৰে ৷ আদালতে যেতিয়া যুৱতীগৰাকীৰ ভাষ্য গ্ৰহণ কৰে তেতিয়া যুৱতীগৰাকীয়ে নিজৰ ইচ্ছা অনুযায়ীয়েই যুৱকজনৰ লগত বিয়া হোৱা বুলি ভাষ্য প্ৰদান কৰে ৷

উল্লেখ্য যে, বল্লু নামৰ যুৱকজনৰ সৈতে নিজৰ মতে বিয়াত বহিছিল যুৱতীগৰাকী ৷ কিন্তু যুৱতীগৰাকীৰ আত্মীয়ই বিষয়টোত হস্তক্ষেপ কৰিছিল ৷ যুৱতীগৰাকীৰ ককায়েকে উচ্চ ন্যায়ালয়ত যুৱতী গৰাকী বিগত 12 চেপ্টেম্বৰৰ পৰা নিৰুদ্দেশ হৈ থকাৰ কথা উল্লেখ কৰি গোচৰ প্ৰদান কৰিছিল ৷ উক্ত গোচৰত বল্লু নামৰ এজন যুৱকক সন্দেহ কৰি নাম উল্লেখ কৰা হৈছিল ৷ ন্যায়ালয়ৰ আদেশত দিল্লী আৰক্ষীয়ে যুৱতীগৰাকীৰ সন্ধান উলিয়াই ভিডিঅ‘ কন্ফাৰেঞ্চ যোগে আদালতত হাজিৰ কৰে ৷ আদালতে যেতিয়া যুৱতীগৰাকীৰ ভাষ্য গ্ৰহণ কৰে তেতিয়া যুৱতীগৰাকীয়ে নিজৰ ইচ্ছা অনুযায়ীয়েই যুৱকজনৰ লগত বিয়া হোৱা বুলি ভাষ্য প্ৰদান কৰে ৷ যাৰ পাছতেই দিল্লী আৰক্ষীক যুৱতীগৰাকীক বল্লু নামৰ যুৱকজনৰ ঘৰলৈ পঠোৱাৰ নিৰ্দেশ প্ৰদান কৰে আদালতে ৷
লগতে পঢ়ক: বাহৰেইনত 200 বছৰ পুৰণি হিন্দু মন্দিৰ দৰ্শন জয়শংকৰৰ