নেচনেল ডেস্ক, ৪ ফেব্ৰুৱাৰী:ক'ভিড-১৯ প্ৰতিষেধক প্ৰদানৰ প্ৰথম পৰ্যায়ত বিচাৰ বিভাগীয় কৰ্মচাৰী, উকীল তথা আইনজীৱি সকলকো হিতাধিকাৰী হিচাপে অন্তৰ্ভুক্ত কৰাৰ আহ্বান জনাই আদালতত দাখিল কৰা এখন আবেদন বৃহস্পতিবাৰে দিল্লী উচ্চ ন্যায়ালয়ে নাকচ কৰে ।
মুখ্য ন্যায়াধীশ ডি এন পেটেল আৰু ন্যায়াধীশ জ্যোতি সিঙৰ নেতৃত্বত বহা এখন বিচাৰপীঠে কয় যে, ক'ভিড-১৯ প্ৰতিষেধক প্ৰদান কৰাৰ বাবে অগ্ৰাধিকাৰ দিয়াৰ ক্ষেত্ৰত চৰকাৰে এক নীতিগত সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু সেয়ে আদালতে উক্ত সিদ্ধান্ত সলনি নকৰে ।
উক্ত সিদ্ধান্ত প্ৰকাশ কৰি বিচাৰপীঠ খনে লগতে এইবুলি কয়, "ক'ভিড-১৯ প্ৰতিষেধক প্ৰদান কৰাৰ বাবে চৰকাৰৰ কাক অগ্ৰাধিকাৰ দিয়ে সেই সন্দৰ্ভত সিদ্ধান্ত সলনি কৰাৰ বাবে আমি কোনো কাৰণ বিচাৰি পোৱা নাই । যিহেতু উক্ত সিদ্ধান্ত বিভিন্ন কাৰক বিবেচনা কৰি লোৱা এক নীতিগত সিদ্ধান্ত আছিল ।"
উল্লেখ্য যে চৰকাৰে প্ৰথম পৰ্যায়ত স্বাস্থ্য কৰ্মী আৰু সুৰক্ষা কৰ্মী সকলৰ লগতে সন্মুখৰ পৰা ক'ভিড-১৯ অতিমাৰীৰ বিৰুদ্ধে যুঁজ দিয়া সকলক প্ৰতিষেধক প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । ইয়াৰ পৰিৱৰ্তে ন্যায়ালয়ত দাখিল কৰা আবেদন খনৰ জৰিয়তে আইনজীৱি সকলকো প্ৰথম পৰ্যায়ত প্ৰতিষেধক প্ৰদান কৰাৰ হিতাধিকাৰী হিচাপে বিবেচনা কৰিবলৈ আহ্বান জনোৱা হৈছিল ।
লগতে পঢ়ক:দিল্লীত 'ছুইচ দিল্লী' অভিযান উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী কেজৰিৱালে