অসম

assam

প্লাজমা থেৰাপীৰ পিছত ক্ৰমাৎ সুস্থ হৈ উঠিছে দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈন

By

Published : Jun 20, 2020, 2:04 PM IST

দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ শৰীৰ সুস্থ হৈ উঠিছে বুলি জানিব পৰা গৈছে । শুকুৰবাৰে মন্ত্ৰী জৈনক প্লাজমা থেৰাপী দিয়াৰ পিছত সম্প্ৰতি তেওঁ সুস্থ হৈ উঠিছে । কোভিড-১৯ ত আক্ৰান্ত হোৱাৰ পাছত দিল্লীৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল মন্ত্ৰীগৰাকীক ।

প্লাজমা থেৰাপীৰ পিছত ক্ৰমাৎ সুস্থ হৈ উঠিছে দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈন
প্লাজমা থেৰাপীৰ পিছত ক্ৰমাৎ সুস্থ হৈ উঠিছে দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈন

নেশ্যনেল ডেস্ক, ২০ জুনঃ কোভিড-১৯ পজিটিভ সংক্ৰান্তত দিল্লীৰ হাস্পতালত ভৰ্তি কৰোৱাৰ পিছত দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ শৰীৰিক অৱস্থা সুস্থ হৈ উঠিছে বুলি জানিব পৰা গৈছে । শুকুৰবাৰে মন্ত্ৰী জৈনক প্লাজমা থেৰাপী দিয়াৰ পিছত সম্প্ৰতি তেওঁ সুস্থ হৈ উঠিছে ।

মন্ত্ৰী জৈনৰ কাৰ্যালয়ৰ বিষয়াই জানিবলৈ দিয়ে যে, "তেওঁৰ দেহত এতিয়া জ্বৰ নাই আৰু আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত আইচিইউত জৈনৰ স্বাস্থ্য নিৰীক্ষণ কৰা হ'ব ।'' লগতে ২৪ ঘণ্টাৰ পিছত তেওঁক সাধাৰণ ৱাৰ্ডলৈ স্থানান্তৰিত কৰা হ'ব ।

প্লাজমা থেৰাপীৰ পিছত ক্ৰমাৎ সুস্থ হৈ উঠিছে দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈন

উল্লেখ্য যে, ৰাজীৱ গান্ধী চুপাৰ স্পেছিয়েলিটি হাস্পতালত ভৰ্তি কৰোৱাৰ পিছত মন্ত্ৰী জৈনৰ দেহত তাপমাত্ৰা বৃদ্ধি পায় । ইয়াৰ পিছতে তেওঁক মেক্স হাস্পতালৰ আইচিইউত ৰখা হয় । চৰকাৰী হাস্পতালৰ চিকিৎসকে তেওঁৰ দেহত নিম'নিয়া হোৱা আৰু অক্সিজেন গ্ৰহণত কষ্ট পোৱা বুলি জনোৱাৰ পিছত মন্ত্ৰী জৈনক হাস্পতাল কৰ্তৃপক্ষই এক নিবিড় পৰিচৰ্যা বিভাগলৈ স্থানান্তৰিত কৰে ।

ইফালে, গৃহমন্ত্ৰী অমিত শ্বাহে টুইটযোগে মন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ শীঘ্ৰেই আৰোগ্যৰ কামনা ব্যক্ত কৰে ।

লগতে পঢ়ক :

ABOUT THE AUTHOR

...view details