নেশ্যনেল ডেস্ক, ২১ জুন : প্লাজমা থেৰাপীৰ পিছৰ পৰা প্ৰায় সুস্থ হৈ উঠিছে দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈনে । লগতে শৰীৰৰ তাপমানো কমি আহিছে বুলি মেক্স হাস্পতাল কৰ্তৃপক্ষই জানিবলৈ দিয়ে । বৰ্তমানো তেওঁক মেক্স হাস্পতালতে ৰখা হৈছে ।
দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ দেহত প্লাজমা থেৰাপীৰ প্ৰতিক্ৰিয়া - কৰ'ণা ভাইৰাছত আক্ৰান্ত দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈন
দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈনক প্লাজমা থেৰাপী দিয়াৰ পিছৰ পৰা তেওঁ লাহে লাহে সুস্থ অৱস্থালৈ ঘূৰি আহিছে । বৰ্তমানো তেওঁক মেক্স হাস্পতালতে ৰখা হৈছে ।
দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ দেহত প্লাজমা থেৰাপীৰ প্ৰতিক্ৰিয়া
উল্লেখ্য যে, কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ পিছত মন্ত্ৰী জৈনক প্ৰথমে ৰাজীৱ গান্ধী চুপাৰ স্পেছিয়েলিটি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল । দেহত তাপমান বৃদ্ধি আৰু শ্বাস-প্ৰশ্বাসত কষ্ট পোৱাৰ পিছতে তেওঁক মেক্স হাস্পতাললৈ স্থানান্তৰিত কৰা হয় । মন্ত্ৰী জৈন শনিবাৰৰ পৰাই অক্সিজেনৰ সহায় লৈ আছে, যাৰ ফলত তেওঁৰ শৰীৰ সুস্থ হৈ উঠিছে বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক :