অসম

assam

ETV Bharat / bharat

চেংগাৰৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব দিল্লী উচ্চ ন্যায়ালয়ে - চেংগাৰৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব দিল্লী উচ্চ ন্যায়ালয়ে

উন্নাও ধৰ্ষণ কাণ্ডৰ অভিযুক্ত কুলদীপ চেংগাৰৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব দিল্লী উচ্চ ন্যায়ালয়ে ৷ এখন আদালতে যাবজ্জীৱন কাৰাদণ্ডৰ ৰায়দান কৰাৰ পাচতে দিল্লী উচ্চ ন্যায়ালয়ত ইয়াৰ প্ৰত্যাহ্বান জনাই আবেদন দাখিল কৰিছিল চেংগাৰে ৷

উন্নাও ধৰ্ষণ কাণ্ডৰ অভিযুক্ত
কুলদীপ চেংগাৰ

By

Published : Jan 17, 2020, 5:26 AM IST

নেশ্যনেল ডেস্ক, 17 জানুৱাৰী : শুকুৰবাৰে উন্নাও ধৰ্ষণ গোচৰৰ অভিযুক্ত বিজেপি বিধায়ক কুলদীপ সিং চেংগাৰৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব দিল্লী উচ্চ ন্যায়ালয়ে ৷ উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ উন্নাও জিলাৰ এগৰাকী নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগত দিল্লীৰ এখন আদালতে চেংগাৰক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়দান কৰিছিল ৷ এই ৰায়দানৰ প্ৰত্যাহ্বান জনাই চেংগাৰে দিল্লী উচ্চ ন্যায়ালয়ত আবেদন জনাইছিল ৷

ভাৰতীয় দণ্ডবিধি আইনৰ 376 অনুচ্ছেদ (ধৰ্ষণ) আৰু অনুচ্ছেদ 5(গ) আৰু 6 ৰ POCSO আইনৰ অধীনত তেওঁক যোৱা বছৰৰ 16 ডিচেম্বৰত দোষী সাব্যস্ত কৰা হৈছিল ৷

ভূক্তভোগীৰ বাহন দূৰ্ঘটনাত পতিত হোৱাৰ ফলত তেওঁৰ দুগৰাকীকৈ সম্বন্ধীয় লোক নিহত হোৱাৰ ফলত উচ্চতম ন্যায়ালয়ে সমগ্ৰ গোচৰটো উত্তৰ প্ৰদেশৰ পৰা ৰাজধানী দিল্লীলৈ হস্তান্তৰ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছিল ৷ এই ঘটনাৰ ফলত ভূক্তভোগী আৰু তেওঁৰ অধিবক্তাজনো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল ৷ ইয়াৰ পাচতে ভূক্তভোগীক বিমানৰ জৰিয়তে দিল্লীৰ AIIMS ত ভৰ্তি কৰোৱা হৈছিল ৷

উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ বাংগাৰমাউৰ চাৰিবাৰৰ বিজেপি বিধায়ক চেংগাৰে 2017 চনৰ জুনত তেওঁৰ উন্নাওস্থিত বাসগৃহত নাবালিকা গৰাকীক ধৰ্ষণ কৰিছিল ৷ বিধায়ক গৰাকীৰ বাসগৃহত কৰ্মৰ সন্ধানত যাওঁতে নাবালিকা গৰাকীক ধৰ্ষণ কৰা হৈছিল ৷ ইয়াৰ পাচতে চেংগাৰক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু বৰ্তমান তেওঁক তিহাৰ জেলত ৰখা হৈছে ৷

আৰু পঢ়ক : 3 ৰ পৰা 5 লাখতকৈ বৃদ্ধি নাপায় বিদেশী নাগৰিকৰ সংখ্যাঃ হিমন্ত

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details