অসম

assam

ETV Bharat / bharat

দুৰাৰোগ্য ৰোগত আক্ৰান্ত শিশুৰ চিকিৎসাৰ আবেদনৰ শুনানি গ্ৰহণ দিল্লী উচ্চ ন্যায়ালয়ৰ

শিশুটো দুৰাৰোগ্য ক্ৰনিক গ্ৰানুলোমেটা ৰোগত (চিজিডি) আক্ৰান্ত । শিশুটোৰ কৰ্ড ব্লাড ট্ৰান্সপ্লাণ্ট্ৰৰ বাবে প্ৰায় ১৫ লাখ টকাৰ প্ৰয়োজন ।

Delhi HC seeks AAP govt stand on plea seeking financial aid for treating rare disease of 2yr old boy
Delhi HC seeks AAP govt stand on plea seeking financial aid for treating rare disease of 2yr old boy

By

Published : Jun 20, 2020, 3:40 PM IST

দিল্লী, ২০ জুন : শুকুৰবাৰে দিল্লী উচ্চ ন্যায়ালয়ে দুৰাৰোগ্য ৰোগত আক্ৰান্ত দুবছৰীয়া পুত্ৰৰ চিকিৎসাৰ কাৰণে পিতৃয়ে আৰ্থিক সাহাৰ্যৰ বাবে জনোৱা আবেদনৰ শুনানি গ্ৰহণ কৰে ।

ন্যায়াধীশ নবীন চাওলাৰ নেতৃত্বত গঠিত বিচাৰপীঠে আবেদনৰ শুনানি গ্ৰহণ কৰি দিল্লী সৰকাৰৰ অতিৰিক্ত স্থায়ী পৰামৰ্শক অনুজ আগৰৱালাক প্ৰশাসনৰ অৱস্থান সম্পৰ্কে প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ দিয়ে । এই গোচৰৰ পৰৱৰ্তী শুনানি ২২ জুনত অনুষ্ঠিত হ'ব ।

দুৰাৰোগ্য ৰোগত আক্ৰান্ত শিশুৰ চিকিৎসাৰ আবেদনৰ শুনানি গ্ৰহণ দিল্লী উচ্চ ন্যায়ালয়ৰ

দুবছৰীয়া শিশুটো দুৰাৰোগ্য ক্ৰনিক গ্ৰানুলোমেটা ৰোগত (চিজিডি) আক্ৰান্ত । শিশুটোৰ কৰ্ড ব্লাড ট্ৰান্সপ্লাণ্ট্ৰৰ বাবে প্ৰায় ১৫ লাখ টকাৰ প্ৰয়োজন । প্ৰধানমনন্ত্ৰীৰ কাৰ্যালয়ে ফেব্ৰুুৱাৰীত শিশুটোৰ চিকিৎসাৰ কাৰণে তিনি লাখ টকা মঞ্জুৰ কৰে । আনহাতে দিল্লীৰ মুখ্যমন্ত্ৰীৰ সাহাৰ্য কোষত ২৭ ফেব্ৰুুৱাৰীত শিশুটোৰ পিতৃয়ে আবেদন জনাইছিল যদিও বৰ্তমানলৈ কোনো সুদুত্তৰ লাভ কৰা নাই ।অৱশেষত শিশুটোৰ চিকিৎসাৰ কাৰণে আৰ্থিক সাহাৰ্য বিচাৰি ন্যায়ালয়ত দাৰস্থ হয় পিতৃ ।

লগতে চাওকঃ ৰাজস্থানৰ ঝালাৱাড়ত প্ৰেমিকাৰ পৰিয়ালৰ দ্বাৰা হত্যা এজনক

ABOUT THE AUTHOR

...view details