অসম

assam

ETV Bharat / bharat

COVID-19 অঞ্চলৰ সংস্পৰ্শলৈ অহা সকলো লোককে স্ক্ৰিনিং কৰালে দিল্লী চৰকাৰে - দেশৰ ৰাজধানী

যি সমূহ অঞ্চলৰ পৰা কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা লোক চিনাক্ত হৈছে, সেই অঞ্চলৰ লগত জড়িত সকলো লোককে স্ক্ৰিনিং কৰাৰ নিৰ্দেশ দিছে দিল্লী চৰকাৰে । এই ক্ষেত্ৰ সমূহত 14 দিনৰ ভিতৰত অতি কমেও তিনিবাৰ স্ক্ৰিনিক কৰোৱা হ'ব ।

COVID-19
COVID-19

By

Published : May 1, 2020, 12:04 PM IST

নতুন দিল্লীঃ COVID-19 পোৱা অঞ্চল সমূহৰ লগত জৰিত সকলো লোককে স্ক্ৰিনিং কৰাৰ নিৰ্দেশ দিছে দিল্লী চৰকাৰে । তাত বাস কৰা লোককে ধৰি সেই অঞ্চললৈ যোৱা সকলোকে 14 দিনৰ ভিতৰত অতি কমেও তিনিবাৰকৈ স্ক্ৰিনিংৰ নিৰ্দেশ দিছে দিল্লী চৰকাৰে ।

চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা থকাৰ পাচতো যি সমূহ অঞ্চলৰ পৰা COVID-19 ৰোগী পোৱা গৈছে সকলোতে এই ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছে ।

বৰ্তমানলৈ দেশৰ ৰাজধানীত এনেধৰণৰ 100 টা এলেকা চিনাক্ত কৰা হৈছে ।

মুখ্য সচিব বিজয় দেৱে জাৰি কৰা নিৰ্দেশনা পত্ৰখনত প্ৰতিগৰাকী ব্যক্তিয়ে আৰোগ্য সেতু এপ ব্যৱহাৰ কৰাৰ কথাও উল্লেখ কৰে ।

এতিয়ালৈ, প্ৰসাশনৰ দ্বাৰা গঠিত বিশেষ দলে সকলোৰে ঘৰে ঘৰে গৈ কোনো লোকৰ দেহত COVID-19ৰ কিবা লক্ষণ যেনে, কাঁহ, জ্বৰ, ইত্যাদিয়ে দেখা দিছে নেকি তাৰ খবৰ ৰাখি আছে । যদি কোনো লোকৰ দেহত লক্ষণে দেখা দিছে তেওঁকহে স্ক্ৰিনিং কৰা হৈছে ।

বুধবাৰে ৰাজধানী মহানগৰ খনত 125 টা নতুন COVID--19 কেছ পোহৰলৈ আহিছে আৰু ইয়াৰ ফলত দিল্লীত এই মহামাৰীত আক্ৰান্তৰ সংখ্যা 3,439 লৈ বৃদ্ধি পাইছে ।

ABOUT THE AUTHOR

...view details