নেশ্যনেল ডেস্ক, ৪ ফেব্ৰুৱাৰী: দিল্লীত ক্ৰমাৎ বৃদ্ধি হোৱা প্ৰদূষণে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে । বিভিন্ন ধৰণৰ প্ৰদূষকে জনস্বাস্থ্যৰ প্ৰতি বিপদ কঢ়িয়াই অনাৰ লগতে পৰিৱেশো প্ৰদূষিত কৰিছে । এই সমস্যা সমাধানৰ বাবে অবিৰতভাৱে চেষ্টা কৰি থকাৰ পিছতো ব্যৰ্থ হৈছে দিল্লী চৰকাৰ আৰু কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ড । এইবাৰ প্ৰদূষণ ৰোধৰ বাবে দিল্লীত 'ছুইচ দিল্লী' অভিযান আৰম্ভ কৰিছে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টী চৰকাৰে ।
চৰকাৰে ৰাজধানী চহৰখনত বৈদ্যুতিক বাহনৰ চলাচলৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি এই পদক্ষেপ গ্ৰহণ কৰিছে । বৃহস্পতিবাৰে 'ছুইচ দিল্লী' অভিযান উদ্বোধন কৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে । তেওঁ কয় যে, 'বাহনসমূহ পৰিৱেশ প্ৰদূষণৰ মূল কাৰক বুলি আমি সকলোৱে জানো । সেয়ে কেৱল বৈদ্যুতিক বাহন ক্ৰয় কৰিবলৈ মই সকলোকে আহ্বান জনাইছো । কিয়নো, ই প্ৰদূষণৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰিব ।' বিশেষকৈ যুৱ প্ৰজন্মক তেওঁ বৈদ্যুতিক দুচকীয়া বাহন ক্ৰয় কৰিবলৈ আহ্বান জনায় । দিল্লী চৰকাৰে এতিয়াৰে পৰা চৰকাৰী কামত ব্যৱহাৰৰ বাবে বৈদ্যুতিক বাহন ক্ৰয় কৰিব বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ।