নতুন দিল্লী, 23 জুন : দিল্লীত অব্যাহত আছে কৰ'ণা ভাইৰাছৰ ভয়াৱহতা । দিল্লীত COVID-১৯ ৰোগীৰ পৰিচালনাৰ বাবে সোমবাৰে দিল্লী চৰকাৰৰ জাৰি কৰিছে SOP ( Standard Operating Procedures) ।
নিয়ম অনুসৰি, দ্ৰুত পৰীক্ষাৰ পদ্ধতি দ্বাৰা পৰীক্ষা কৰা ৰোগী সকলৰ মাজত যি সকল অধিক অসুস্থ সেই সকল ৰোগীক হে হাস্পতাললৈ স্থানান্তৰিত কৰা হ'ব । আনহাতে কম আৰু প্ৰাক-লক্ষণজনিত ৰোগী সকলক যাৰ পৃথকে থাকিবলৈ ৰ'মৰ অভাৱ আৰু পৃথকে পায়খানাৰ ব্য়ৱস্থা নাই সেই সকলক কোভিড কেয়াৰ চেণ্টাৰলৈ স্থানান্তৰ কৰা হ'ব । ইপিনে comorbid অৱস্থা আৰু কম পৰিমাণে লক্ষণ দেখা ৰোগীৰ ক্ষেত্ৰত এছএপিৰ অনুসৰি হে কোভিড কেয়াৰ চেণ্টাৰ বা হাস্পতালত স্থানান্তৰিত কৰা হ'ব ।
আৰটি-পিচিআৰ পৰীক্ষা পদ্ধতি দ্বাৰা পৰীক্ষা কৰা ৰোগী সকলক নীতি-নিয়ম অনুসৰি যি সকল ঘটনা হাস্পতাল বা কোভিড স্বাস্থ্য়কেন্দ্ৰ লৈ হস্তান্তৰিত কৰাৰ দৰকাৰ সেই সকলক এম্বুলেন্সৰ জৰিয়তে স্থানান্তৰ কৰা হ'ব । লগতে কম আৰু প্ৰাক-লক্ষণজনিত ৰোগী সকলক কোভিড কেয়াৰ চেণ্টাৰলৈ স্থানান্তৰ কৰাৰ লগতে হ'ম আইচ'লেচনৰ ব্য়ৱস্থা কৰা হ'ব ।