নিউজ ডেস্ক, 30 এপ্ৰিলঃকৰ'ণা ভাইৰাছৰ ফলত হোৱা অৰ্থনৈতিক ক্ষতি সমূহৰ বাবে কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰী আৰু পেঞ্চনাৰৰ DA আৰু DR 2021 চনৰ জুলাই মাহলৈ স্থগিত কৰি ৰখাৰ সিন্ধান্ত লোৱাৰ দৰে একেটা পথকে গ্ৰহণ কৰিছে দিল্লী চৰকাৰে ।
এই অনুসৰি দিল্লীৰ 2.2 লাখ কৰ্মচাৰী-পেঞ্চনাৰে জুলাই 2021 লৈ নতুনকৈ DA-DR নাপাব । এই সম্পৰ্কে দিল্লীৰ বিত্ত বিভাগে অধিসূচনা জাৰি কৰিছে । দিল্লীৰ কৰ্মচাৰী সকলে 2020 চনৰ জানুৱাৰীৰ পৰা এই মূল্যবৃদ্ধি ভাট্টা পাবলগীয়া হৈ আছিল । দিল্লী চৰকাৰৰ এই সিদ্ধান্ত সম্পৰ্কে অৱগত কৰে দিল্লী চৰকাৰৰ সাধাৰণ সচিব উমেশ বাট্ৰাই ।
যোৱা মাহত কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ 50 লাখ কৰ্মচাৰী আৰু 61 লাখ পেঞ্চনাৰৰ বাবে 4 শতাংশ অতিৰিক্ত মূল্যবৃদ্ধি ভাত্তা দিয়াৰ কথা ঘোষণা কৰিছিল । ইয়াৰ ফলত কৰ্মচাৰী সকলৰ এই ভাট্টা 21 শতাংশলৈ বৃদ্ধি হৈছিল । কিন্তু কৰ'ণা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে ভাৰতত 25 মাৰ্চৰ পৰা দেশব্যাপী লক ডাউন ঘোষণা কৰাত দেশৰ অৰ্থনীতিৰ বিস্তৰ ক্ষতি হয় । যাৰ ফলত নতুনকৈ DA-DR প্ৰদান কৰাৰ সিদ্ধান্ত স্থগিত ৰাখে কেন্দ্ৰীয় চৰকাৰে । কেন্দ্ৰীয় চৰকাৰৰ এই নীতি বহু কেইখন ৰাজ্য চৰকাৰেও গ্ৰহণ কৰিছে । দিল্লী ৰাজ্য চৰকাৰৰ কৰ্মচাৰী-পেঞ্চনাৰ সকলেও পূৰ্বৰ 17 শতাংশকৈ DA-DR লাভ কৰি থাকিব 2021 চনৰ জুনৰ 30 তাৰিখলৈ ।
লগতে পঢ়কঃGeM ৰ জৰিয়তে কৰ'ণা ভাইৰাছৰ চিকিৎসা সামগ্ৰী ক্ৰয়ৰ বাবে চৰকাৰৰ 159 কোটি ব্যয়