অসম

assam

ETV Bharat / bharat

ৰেড জ'নৰ পৰা মুক্ত বসুন্ধৰা এনক্লেভ অঞ্চল - বসুন্ধৰা এনক্লেভ অঞ্চল

শুকুৰবাৰে দিল্লী বসুন্ধৰা এনক্লেভ অঞ্চলৰ মানচাৰা এপাৰ্টমেণ্টত ৰেড জ'নৰ পৰা মুক্ত কৰা বুলি ঘোষণা কৰে দিল্লী চৰকাৰে । COVID-19 ত আক্ৰান্ত কোনো ৰোগী নথকাৰ বাবেই ৰেড জ'নৰ পৰা মুক্ত কৰা হয় অঞ্চলটো ।

COVID-19
ৰেড জ'নৰ পৰা মুক্ত বসুন্ধৰা এনক্লেভ অঞ্চল

By

Published : Apr 25, 2020, 12:23 AM IST

নিউজ ডেস্ক, ২৪ এপ্ৰিলঃ দিল্লী বসুন্ধৰা এনক্লেভ অঞ্চল ৰেড জ'নৰ পৰা মুক্ত কৰা বুলি শুকুৰবাৰে ঘোষণা কৰে দিল্লী চৰকাৰে ।

অঞ্চলটোত বৰ্তমান COVID-19 আক্ৰান্ত কোনো ৰোগীৰ সন্ধান লাভ কৰা নাই বাবেই ৰেড জ'নৰ পৰা মুক্ত কৰা হয় ।

শুকুৰবাৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় যে, বসুন্ধৰা এনক্লেভ অঞ্চলৰ মানচাৰা এপাৰ্টমেণ্টত বৰ্তমান নতুনকৈ কোনো লোক COVID-19 ত আক্ৰান্ত হোৱা নাই । যাৰ বাবে ৰেড জ'ন হিচাপে পৰিগণিত অঞ্চলটো শুকুৰবাৰে মুক্ত কৰি দিয়া হয় । উক্ত অঞ্চলটোৰ বাসিন্দা সকলে সহযোগ কৰাৰ বাবেই ৰেড জ'নৰ পৰা মুক্ত কৰাত সহায় হয় বুলিও সদৰী কৰে কেজৰিৱালে ।

উল্লেখ্য যে, দিল্লীত বৰ্তমানেও ৯০ টা ৰেড জ'ন হিচাপে চিহ্নিত হৈ আছে ।

ABOUT THE AUTHOR

...view details