অসম

assam

ETV Bharat / bharat

২৪ ঘণ্টাৰ ভিতৰত দিল্লীৰ সকলো কোভিড-১৯ হাস্পতালত চিচি কেমেৰা সংস্থাপনৰ নিৰ্দেশ

দিল্লীৰ এল এন জে পি হাস্পতাল পৰিদৰ্শন কৰি মুখ্য সচিব বিজয় কুমাৰ দেৱক চিচি কেমেৰা সংস্থাপন নিৰ্দেশ প্ৰদান কৰে গৃহমন্ত্ৰী অমিত শ্বাহে। নিৰ্দেশ অনুসৰি 'PWD' বিভাগে ২৪ ঘণ্টাৰ ভিতৰত দিল্লীৰ সকলো কোভিড-১৯ ৱাৰ্ডত চিচি টিভি কেমেৰা সংস্থাপিত কৰিব আৰু এই ৰিপৰ্ট "pshealth@nic.in." ৱেৱচাইটত আপডেট কৰিব লাগিব।

দিল্লী
Delhi govt asks its PWD to install CCTV cameras in COVID-19 wards within 24 hours

By

Published : Jun 16, 2020, 1:50 PM IST

নিউজ ডেস্ক, ১৬ জুনঃ ৰাজধানী দিল্লীত প্ৰতিদিনে দ্ৰুত গতিত বৃদ্ধি পোৱা কোভিড-১৯ৰ ৰোগীৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীৰ সকলো কোভিড-১৯ হাস্পতালতে চিচি কেমেৰা লগোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে। দিল্লী চৰকাৰৰ স্বাস্থ্য বিভাগক ২৪ ঘণ্টাৰ ভিতৰত সকলো হাস্পতালতে চিচি কেমেৰা লগোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে।

ইয়াৰ পূৰ্বে ৰাজধানী চহৰখনৰ কোভিড-১৯ ৰ শেহতীয়া পৰিস্থিতিৰ বুজ লোৱাৰ বাবে গৃহমন্ত্ৰীগৰাকীয়ে আয়োজন কৰিছিল সৰ্বদলীয় বৈঠকৰ । তাৰ পাছত দিল্লীৰ লোক নায়ক পাল জয়প্ৰকাশ নাৰায়ণ (LNJP) হাস্পতাল পৰিদৰ্শন কৰে গৃহমন্ত্ৰী অমিত শ্বাহে। হাস্পতাল পৰিদৰ্শনৰ পাছতে দিল্লীৰ মুখ্য সচিব বিজয় কুমাৰ দেৱক ৰাজধানী চহৰখনৰ সকলো কোভিড-১৯ হাস্পতালৰ ৱাৰ্ডসমূহত চিচি টিভি কেমেৰা সংস্থাপন কৰাৰ নিৰ্দেশ প্ৰদান কৰে। লগতে, ৰোগীৰ চোৱা-চিতাৰ বাবে চিচি টিভি কেমেৰাসমূহৰ সূক্ষ্ম নিৰীক্ষণ কৰাৰ নিৰ্দেশ প্ৰদান কৰে গৃহমন্ত্ৰীগৰাকীয়ে।

২৪ ঘণ্টাৰ ভিতৰত দিল্লীৰ সকলো কোভিড-১৯ হাস্পতালত চিচি কেমেৰা সংস্থাপনৰ নিৰ্দেশ অমিত শ্বাহৰ

এই নিৰ্দেশ অনুসৰি 'PWD' বিভাগে ২৪ ঘণ্টাৰ ভিতৰত দিল্লীৰ সকলো কোভিড-১৯ ৱাৰ্ডত চিচি টিভি কেমেৰা সংস্থাপিত কৰিব আৰু এই সকলো ৰিপৰ্ট "pshealth@nic.in." ৱেৱচাইটত আপডেট কৰিব লাগিব।

তদুপৰি, দিল্লীৰ লোক নায়ক পাল জয়প্ৰকাশ নাৰায়ণ হাস্পতাল পৰিদৰ্শন কৰি নেতাগৰাকীয়ে চিকিৎসক আৰু নাৰ্চসকলক মনোৰোগ বিশেষজ্ঞৰ পৰামৰ্শ ল'বলৈ আহ্বান জনায় । কোভিড-১৯ ৰ এই সংকটৰ সময়ত নিজৰ সেৱা আগবঢ়োৱা ক্ষেত্ৰত মনোবল বৃদ্ধি কৰিবলৈ চিকিৎসক আৰু নাৰ্চসকলক এই পৰামৰ্শ আগবঢ়াই জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে।

ABOUT THE AUTHOR

...view details