অসম

assam

ETV Bharat / bharat

দিল্লীত আৰম্ভ হ'ল মহিলাসকলৰ বিনামূলীয়া বাছ সেৱা !

এতিয়াৰে দিল্লীত মহিলাসকলে বিনামূলীয়াকৈ পৰিবহন নিগমৰ বাছত কৰিব পাৰিব যাত্ৰা ৷ দিল্লীৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰখনত মহিলাৰ ভূমিকাক অধিক শক্তিশালী ৰূপত গঢ়ি তোলা উদ্দেশ্যে গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত ৷

দিল্লীত আৰম্ভ হ'ল মহিলাসকলৰ বিনামূলীয়া বাছ সেৱা

By

Published : Oct 29, 2019, 12:49 PM IST

নিউজ ডেস্ক, 29 অক্টোবৰঃএতিয়াৰে দিল্লীত মহিলাসকলে বিনামূলীয়াকৈ পৰিবহন নিগমৰ বাছত কৰিব পাৰিব যাত্ৰা ৷ অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টীৰ চৰকাৰে সোমবাৰে জাৰি কৰে এক অধিসূচনা ৷ ভাতৃ দ্বিতীয়া উপলক্ষে মহিলাসকলৰ বাবে এই বিশেষ উপহাৰ দিল্লী চৰকাৰৰ ৷

বিনামূলীয়াকৈ যাত্ৰা কৰিবৰ বাবে মহিলাসকলক দিয়া হ'ব এখনকৈ গুলপীয়া টিকট ৷ উক্ত টিকটখনৰ ভিত্তিতে মহিলা যাত্ৰী সকলে দিল্লী পৰিবহন নিগমৰ বাছ আৰু ক্লাষ্টাৰ বাছ সমূহত বিনামূলীয়াকৈ যাত্ৰা কৰিব পাৰিব ৷

দিল্লীত মহিলাসকলৰ বাবে বিনামূলীয়া বাছ সেৱা

লগত পঢ়ক জীৱন যুঁজত হাৰ মানিলে সুজীত উইলছনে !

ইপিনে,এই আঁচনিখনৰ ঘোষণা কৰি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছ'দিয়াই মন্তব্য কৰে যে,মহিলা সকলৰ সুৰক্ষা আৰু দেশৰ ৰাজধানীত মহিলাৰ ভূমিকা বৃদ্ধি কৰিবৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷ ইয়াৰ জৰিয়তে দিল্লীৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰখনত মহিলাৰ ভূমিকাক অধিক শক্তিশালী ৰূপত গঢ়ি তোলা হ'ব ৷ দিল্লীৰ লগতে ৰাজধানী অঞ্চললৈ প্ৰদান কৰা হ'ব বিনামূলীয়া বাছ সেৱা ৷

উল্লেখ্য যে, বিগত 29 আগষ্টত অনুষ্ঠিত হোৱা দিল্লীৰ কেবিনেটৰ বৈঠকত মহিলাসকলৰ বাবে বিনামূলীয়া বাছ সেৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details