অসম

assam

ETV Bharat / bharat

দিল্লীৰ চৰকাৰী বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ কৰ'ণাত মৃত্যু

দিল্লীত কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু একেখন বিদ্যালয়ৰ দুজন শিক্ষকৰ । দিল্লীৰ কল্যাণপুৰী বিদ্যালয়ৰ প্ৰধান শিক্ষককে ধৰি এজন ইংৰাজী বিষয়ৰ শিক্ষক বিগত কিছুদিন পূৰ্বে কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু ঘটাত শংকিত দিল্লী চৰকাৰী বিদ্যালয় সংস্থা ।

কৰ'ণা
দিল্লীৰ চৰকাৰী বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ কৰ'ণাত মৃত্যু

By

Published : Jun 12, 2020, 7:49 AM IST

নিউজ ডেস্ক, ১২ জুনঃ মহামাৰী কৰ'ণাত আক্ৰান্ত হৈ বুধবাৰে মৃত্যু হয় দিল্লীৰ চৰকাৰী বিদ্যালয়ৰ প্ৰধান শিক্ষক ওমপাল সিঙৰ । দিল্লীৰ কল্যাণপুৰী বিদ্যালয়ত বিগত কিছুদিনৰ ভিতৰত মহামাৰী কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা এইটো দ্বিতীয় ঘটনা । একেখন স্কুলৰে এগৰাকী ৫০ বছৰীয়া ইংৰাজী বিষয়ৰ শিক্ষক বিগত কিছুদিন কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হয় । যাৰ বাবে কিছুদিন পাচত বিদ্যালয়খনৰ প্ৰধান শিক্ষক কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱাত বিদ্যালয়খনৰ অন্য শিক্ষককে ধৰি অঞ্চলবাসী শংকিত হৈ পৰিছে ।

দিল্লীৰ চৰকাৰী বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ কৰ'ণাত মৃত্যু

আনহাতে, ৰাজধানী দিল্লীত কৰ'ণাত আক্ৰান্ত হৈ শিক্ষকৰ মৃত্য়ু হোৱা ঘটনাৰ বাবে দোষী সাব্যস্ত কৰে দিল্লী চৰকাৰক । দিল্লী চৰকাৰী বিদ্যালয় সংস্থাৰ মন্তব্য অনুসৰি, শিক্ষকসকলক কোনো সুৰক্ষা ব্যৱস্থা প্ৰদান নকৰাকৈ কৰ্তব্যত নিয়োগ কৰাৰ বাবেই এনেধৰণৰ ঘটনা সংঘটিত হৈছে ৷

উল্লেখ্য যে, দিল্লীত হাজাৰৰো অধিক শিক্ষকে বৰ্তমান মহামাৰী COVID-19 প্ৰতিৰোধৰ বাবে কাম কৰি আহিছে । কিছুমান শিক্ষকক ৰেচন সামগ্ৰী বিতৰণ কৰাৰ দায়িত্বত নিয়োগ কৰাৰ বিপৰীতে কিছু সংখ্যকক আশ্ৰয় কেন্দ্ৰসমূহ পৰিদৰ্শনৰ দায়িত্ব অৰ্পন কৰা হৈছে ।

ABOUT THE AUTHOR

...view details