নিউজ ডেস্ক, 8 জুলাই : ভাৰত চীনৰ মাজত চলি থকা বিবাদৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে চীনা সামগ্ৰী বৰ্জনৰ বাবে দেশবাসীক আহ্বান জনাইছিল । ইয়াৰ ফলত দিল্লী চৰকাৰেও সলনি কৰে সিদ্ধান্ত । এই অনুসৰি দিল্লী চৰকাৰে এতিয়া আৰু ক্ৰয় নকৰে চীনৰ পৰা বৈদ্যুতিক বাছ ।
উল্লেখ্য যে, এক সূত্ৰই প্ৰকাশ পোৱা অনুসৰি দিল্লী চৰকাৰে চীনৰ পৰা বৈদ্যুতিক বাছ ক্ৰয়ৰ সিদ্ধান্ত লৈছিল । কিন্তু ভাৰত চীনৰ মাজত চলি থকা উত্তপ্ত পৰিস্থিতিৰ বাবেই দিল্লী চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।