নিউজ ডেস্ক, 7 জুন : দিল্লীৰ কেজৰিৱাল চৰকাৰে সুৰাৰ ওপৰত "কৰ'ণা বিশেষ" এক কৰ আৰোপ কৰিছিল যোৱা 5 মে'ৰ পৰা ৷ যাৰ দ্বাৰা চৰকাৰখনে অতিৰিক্ত কৰ আহৰণৰ বাবে প্ৰয়স চলাইছিল ৷ 8 মে'ৰ মৰা ৰাজধানী মহানগৰীখনত সুৰা বিক্ৰীৰ বাবে অনুমতি প্ৰদান কৰা হৈছিল ৷ তাৰ পূৰ্বে 25 মাৰ্চৰ পৰা লক্ ডাউনৰ বাবে আনসূহৰ লগতে বন্ধ কৰি ৰখা হৈছিল সুৰাৰ বিপনী ৷ যদিও দিল্লী চৰকাৰে সুৰা বিক্ৰীৰ দ্বাৰা অধিক কৰা আহৰণৰ চেষ্টা চলাইছিল, কাৰ্যতঃ সেইয়া নহ'ল ৷ কৰ'ণা বিশেষ যি অতিৰিক্ত কৰ, সেইয়া বাদ দি মাত্ৰ 235 কোটি ৰাজহ সংগ্ৰহ হৈছে 8 মে'ৰ পৰা 30 মে'ৰ ভিতৰত ৷
তথ্য অনুসৰি গোটেই দিল্লী মহানগৰীত চৰকাৰী আৰু ব্যক্তিগত সকলো মিলাই সুৰাৰ বিপনী আছে প্ৰায় 800 খন ৷ প্ৰতি বছৰে দিল্লী চৰকাৰে সুৰা বিক্ৰীৰ পাৰ আয় কৰে প্ৰায় 5000 কোটি টকাৰ ৰাজহ ৷ কিন্তু লক্ষ্যণীয়ভাৱে চৰকাৰৰ এই কৰ সংগ্ৰহৰ ক্ষেত্ৰত প্ৰভাৱ পেলালে লক্ ডাউনে ৷