নেশ্যনেল ডেস্ক, 8 ডিচেম্বৰ : দিল্লী অগ্নিকাণ্ড সংঘটিত হোৱা অনাজ মণ্ডীৰ অট্টালিকাৰ স্বত্বাধিকাৰী ৰেহানক আটক কৰিছে দিল্লী আৰক্ষীয়ে ৷ তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডাবিধিৰ 304 অনুচ্ছেদৰ অধীনত এক গোচৰ ৰুজু কৰা হৈছে ৷
এই ঘটনা সংঘটিত হোৱাৰ পাচত ঘটনাস্থলীত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী আৰু চান্দনী চৌকৰ বিজেপি সাংসদ হৰ্ষ বৰ্ধন ৷ ঘটনাস্থলীত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে, "আজি সংঘটিত হোৱা ঘটনা সঁচাকৈয়ে দুৰ্ভাগ্যজনক ৷ চিকিৎসালয়ত আহতসকলক সাক্ষাৎ কৰিবৰ বাবে মই যাম ৷ আহতসকলক যথাযোগ্য চিকিৎসা সেৱা প্ৰদান কৰিবলৈ আমি চেষ্টা অব্যাহত ৰাখিছো ৷"
LNJP চিকিৎসালয়ত উপস্থিত থাকে স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী অশ্বিনী চৌবে ৷ তেওঁৰ উপৰিও চিকিৎসালয়খনত উপস্থিত হয় দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু কেন্দ্ৰীয় মন্ত্ৰী হৰ্ষদ্বীপ সিং পুৰী ৷ এই ভয়ংকৰ ঘটনাৰ পাচতে শোকপ্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দ, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৷
উল্লেখ্য যে, দেওবাৰে পুৱাৰ ভাগত নতুন দিল্লীৰ ৰাণী ঝান্সী ৰোডৰ অনাজ মণ্ডীত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় ৷ এইপৰ্যন্ত অগ্নিকাণ্ডত 43 জন নিহত হোৱাৰ লগতে 59 জন আহত হোৱাৰ তথ্য লাভ কৰা হৈছে ৷ ঘটনাৰ পাচতে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ৷ লগতে নিহতৰ পৰিয়াললৈ 10 লাখ টকা আৰু আহতৰ পৰিয়ালকৈ 1 লাখ টকাকৈ আৰ্থিক সাহাৰ্য ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ আনহাতে, আহতসকলৰ চিকিৎসাৰ সমগ্ৰ ব্যয় চৰকাৰে বহন কৰাৰ আশ্বাস প্ৰদান কৰে কেজৰিৱালে ৷
দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱাল চিকিৎসালয়ত উপস্থিত
আৰু পঢ়ক : মৃত্যুৰ পূৰ্বে অজ্ঞাত ব্যক্তিৰ সম্বন্ধীয় ভাতৃলৈ ফোন