অসম

assam

ETV Bharat / bharat

কৰ'ণাত মৃত্যু হোৱা লোকৰ অন্তিম সংস্কাৰক লৈ দিল্লী চৰকাৰৰ গাইডলাইন - delhi news

কোভিড ১৯ ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ অন্তিম সংস্কাৰৰ বাবে কেজৰিৱাল চৰকাৰে জাৰি কৰিছে গাউডলাইন । গাইডলাইন অনুসৰি হাস্পতালত পৰা ২ ঘণ্টাৰ ভিতৰত শৱদেহক মৰ্গগৃহলৈ পঠিয়াব লাগিব আৰু ২৪ ঘণ্টাৰ ভিতৰত অন্তিম সংস্কাৰ কৰিব লাগিব।

delhi Govt
delhi disater management authority release order for cremation of corona deceased

By

Published : Jun 4, 2020, 1:57 PM IST

নিউজ ডেস্ক, ৪ জুন- ৰাজধানী দিল্লীৰ লোকনায়ক জয়প্ৰকাশ হাস্পতালৰ মৰ্গঘৰত কোভিড ১৯ আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ শৱ ৰখাৰ বাবে ঠাইৰ নাটনিয়ে দেখা দিছে। এই খৱৰ লাভ কৰাৰ পাছতেই কেজৰিৱাল চৰকাৰে অন্তিম সংস্কাৰৰ ক্ষেত্ৰত জাৰি কৰিছে গাউডলাইন। এই গাইডলাইনৰসমূহ পালন কৰাৰ বাবে দিল্লীৰ দুৰ্যোগ প্ৰশমন বিভাগক নিৰ্দেশ জাৰি কৰিছে ।

মৃ্ত্যুৰ পাছত হাস্পতালত পৰা ২ ঘণ্টাৰ ভিতৰত শৱদেহক মৰ্গগৃহলৈ পঠিয়াব লাগিব আৰু ২৪ ঘণ্টাৰ ভিতৰত অন্তিম সংস্কাৰ কৰিব লাগিব । মৃতকৰ আত্মীয়ক এই খৱৰ দিয়া আৰু অন্তিম সংস্কাৰৰ সময়ত তেওঁলোকৰ উপস্থিতি সুনিশ্চিত কৰাৰ দায়িত্ব স্থানীয় বেচৰকাৰী সংস্থা আৰু নগৰ নিগমক দিয়া হৈছে । দিল্লী চৰকাৰৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা জাৰি কৰা নিৰ্দেশাৱলীত এই কথা উল্লেখ আছে ।

এই সন্দৰ্ভত ইতিমধ্যে দিল্লীৰ দুৰ্যোগ প্ৰশমন বিভাগে হাস্পতালসমূহক আৰু জিলা প্ৰসাশনক নিৰ্দেশ প্ৰদান কৰিছে । এই গাইডলাইন অনুসৰি যদি মৃতকৰ অন্তিম সংস্কাৰ কৰা নহয় অথবা কোনো লোকে এই গাইডলাইন পালন নকৰে তেন্তে তেঁওৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।

ABOUT THE AUTHOR

...view details