নেশ্যনেল ডেস্ক, 21 জুনঃ ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত দ্বিতীয় বাৰলৈ এদিনতে 3000ত কৈয়ো অধিক লোকৰ দেহত ধৰা পৰিছে COVID-19 । শনিবাৰৰ দিনটোত দিল্লীত ধৰা পৰে 3,630 গৰাকী লোকৰ দেহত এই মহামাৰী, যিটো এদিনতে দিল্লীত পোৱা কৰ'ণা আক্ৰান্তৰ সংখ্যাৰ ভিতৰতে সৰ্বাধিক । ইয়াৰ পূৰ্বে এদিনত ধৰা পৰা সৰ্বাধিক সংখ্যা আছিল 3,137 ৷ 19 জুনৰ দিনা অৰ্থাৎ এদিন পূৰ্বেই ধৰা পৰিছিল প্ৰথমবাৰলৈ এদিনতে তিনি সহস্ৰাধিক লোকৰ দেহত কৰ'ণা ভাইৰাছ ৷ আনহাতে দিল্লীৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা অনুসৰি দিল্লীত বিগত 24 ঘণ্টাত মৃত্যু হৈছে 77 জন লোকৰ ৷
যাৰ ফলত ৰাজধানী ৰাজ্যখনত COVID-19 আক্ৰান্তৰ সংখ্যাই 56000 ৰ সীমা অতিক্ৰম কৰে । আনহাতে বৰ্তমানলৈ দিল্লীত এই মহামাৰীত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে 2,112 গৰাকী লোক ।