নেশ্যনেল ডেস্ক, ৩১ মে': দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ‘পিঞ্জৰা তোড়’ নামৰ মহিলা দল এটাত জড়িত এগৰাকী ছাত্ৰীক শনিবাৰে দিল্লী আদালতে তিনিদিনৰ আৰক্ষীৰ জিম্মালৈ লৈ যায় । দিল্লীৰ দৰিয়াগঞ্জ এলেকাত হোৱা নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদত দেবাংগনা কলিতা নামৰ এই ছাত্ৰীগৰাকী জড়িত আছিল বুলি এগৰাকী অধিবক্তাই জানিবলৈ দিয়ে । উল্লেখ্য যে, ২০১৯ চনৰ ডিচেম্বৰ মাহত হোৱা এই সংঘৰ্যত ছাত্ৰীগৰাকী জড়িত থকাৰ প্ৰমাণ পোৱাৰ পিছতে আৰক্ষীয়ে নিজৰ জিম্মালৈ লৈ যায় দেবাংগনা কলিতাক ।
দৰিয়াগঞ্জ সংঘৰ্ষ: পুনৰ দিল্লী আৰক্ষীৰ জিম্মাত অসমৰ দেবাংগনা - দৰিয়াগঞ্জত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে কৰা প্ৰতিবাদ
শনিবাৰে দিল্লীৰ এখন আদালতে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰী দেবাংগনা কলিতাক আৰক্ষীৰ জিম্মালৈ লৈ যায় । কিয়নো দিল্লীৰ দৰিয়াগঞ্জত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে কৰা প্ৰতিবাদত ছাত্ৰীগৰাকী জড়িত আছে বুলি দিল্লী আৰক্ষীয়ে প্ৰমাণ পাইছে ।
![দৰিয়াগঞ্জ সংঘৰ্ষ: পুনৰ দিল্লী আৰক্ষীৰ জিম্মাত অসমৰ দেবাংগনা ‘পিঞ্জৰা তোড়’ৰ সদস্য দিল্লী আৰক্ষীৰ জিম্মাত](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11:25-court-3005newsroom-1590842889-541.jpg)
উল্লেখ্য যে, দেবাংগনা কলিতাৰ বিৰুদ্ধে এইটো তৃতীয় গোচৰ, ইয়াৰ পূৰ্বেও উত্তৰ-পূৱ দিল্লীৰ সৈতে জড়িত দুটা প্ৰতিবাদত দেবাংগনা জড়িত আছিল বুলি তেওঁৰ অধিবক্তাই জানিবলৈ দিয়ে । ইয়াৰ পূৰ্বে দেবাংগনা যোৱা ফেব্ৰুৱাৰী মাহত উত্তৰ-পূৱ দিল্লীৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ ঘটনাৰ প্ৰতিবাদত মাণ্ডলী কাৰাগাৰত বন্দী হৈ আছিল । ভীম আৰ্মীৰ মুখ্য চন্দ্ৰশেখৰ আজাদো এই ঘটনাৰ বাবে গ্ৰেপ্তাৰ হৈছিল আৰু পিছত জামিন লাভ কৰিছিল । ২০১৯ চনৰ ২০ ডিচেম্বৰত দিল্লীত জামা মছজিদ আৰু দৰিয়াগঞ্জ এলেকাত হোৱা নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদত অন্য ১৫ জন লোকো গ্ৰেপ্তাৰ হৈছিল আৰু পিছত জামিন পাইছিল ।
লগতে পঢ়ক: