নেচনেল ডেস্ক, 23 জানুৱাৰী:চেইফ আলি খান অভিনীত 'তাণ্ডৱ' শীৰ্ষক ৱেব চিৰিজ খনৰ নিৰ্মাতা সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে জনোৱা এখন আবেদনৰ শুনানি শনিবাৰে দিল্লীৰ এখন আদালতে স্থগিত ৰাখে ৷
বিচাৰ প্ৰক্ৰিয়াৰ নিয়ম মানি সমগ্ৰ বিষয় সন্দৰ্ভত কেৱল ভিডিঅ' কনফাৰেন্সৰ জৰিয়তেহে আদালতে তথ্য সমূহৰ সন্দৰ্ভত অৱগত হোৱাৰ পৰিপ্ৰেক্ষিততে আবেদন খনৰ শুনানিৰ দিন স্থগিত ৰখা হয় ৷ পাটিয়ালা হাউচ কৰ্ট কমপ্লেক্সৰ মেট্ৰ'পলি'টান মেজিষ্ট্ৰেট উমেশ কুমাৰে আবেদনৰ শুনানিৰ দিন 19 এপ্ৰিললৈ স্থগিত ৰাখে বুলি জানিব পৰা গৈছে ৷