নিউজ ডেস্ক, ২৩ জুনঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ পত্ৰ প্ৰেৰণ কৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। পত্ৰযোগে দিল্লীৰ চত্তৰপুৰত থকা ১০ হাজাৰ বিচনাযুক্ত ৰাধাস্বামী সৎসংগ বিহাৰ কোভিড-১৯ চেন্টাৰ পৰিদৰ্শন কৰিবলৈ আমন্ত্ৰণ জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে, উক্ত চেণ্টাৰত পৰ্যাপ্ত চিকিৎসক আৰু নাৰ্চ প্ৰদান কৰিবলৈ অনুৰোধ জনায় ৰাজধানী চহৰখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।
ৰাধাস্বামী সত্সংগ বিহাৰ কোভিড-১৯ চেন্টাৰ পৰিদৰ্শন কৰিবলৈ অমিত শ্বাহক আমন্ত্ৰণ দিল্লীৰ মুখ্যমন্ত্ৰীৰ বিগত সপ্তাহত, দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ অনিল বাইজালেও চত্তৰপুৰস্থিত ৰাধাস্বামী সৎসংগ বিহাৰ কোভিড-১৯ চেন্টাৰ পৰিদৰ্শন কৰিছিল।
দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনিশ ছিচোড়িয়াই জুলাইৰ শেষভাগলৈকে ৰাজধানী দিল্লীত ৫.৫ লাখ লোক কোভিড-১৯ ত আক্ৰান্ত হ'ব পাৰে বুলি সম্ভাৱনা ব্যক্ত কৰিছে। যদি বৰ্তমানৰ দৰে দিল্লীত কোভিড-১৯ আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি হৈ থাকে তেন্তে জুলাইলৈকে হাস্পতালসমূহত মুঠ ৮০ হাজাৰ বিচনাৰ প্ৰয়োজন হ'ব পাৰে । লগতে, বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে উপমুখ্যমন্ত্ৰীগৰাকীয়ে দুখন বিশেষজ্ঞ কমিটি গঠন কৰিছে।
তদুপৰি, কোভিড-১৯ৰ চিকিত্সা তথা আন আন সেৱা বৃদ্ধিৰ বাবে দিল্লী চৰকাৰে হোটেল, বিবাহ-ভৱন, ষ্টেডিয়াম আদি সকলো অতিৰিক্ত বিকল্প হিচাপে ৰাখিছে বুলি মনিশ ছিচোড়িয়াই জানিবলৈ দিয়ে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ৰাজধানী দিল্লীত এইপৰ্যন্ত ৬২ হাজাৰৰো অধিক লোক কোভিড-১৯ ত আক্ৰান্ত হৈছে।
লগতে পঢ়ক : কৰ'ণাত আক্ৰান্ত চেলা পাছৰ সুৰংগৰ কাৰিকৰী বিষয়া